মৰিগাঁও, 16 মেঃ মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত হাতীয়ামুখত পাৰিবাৰিক কন্দলৰ ফলত মৃত্যু হয় এজন লোকৰ ৷ কপিলী নদী পাৰ হোৱা অৱস্থাতেই নৈৰ সোঁতত ডুব যায় লোকজন ৷
মৰিগাঁৱৰ হাতীয়ামুখত সংঘটিত হয় এক দুৰ্ঘটনা । ঘটনা অনুসৰি পিতা-পুত্ৰই কোনো কাৰণত কাজিয়াৰ সুত্ৰপাত হয় ৷ ফলত পুত্ৰই পিতৃৰ ভয়ত কপিলী নৈ খন নাওৰে পাৰ হয় । উল্লেখযোগ্য যে পুত্ৰক ধৰিবলৈ নদীখন সাঁতুৰি পাৰ হোৱাৰ সময়তে নদীৰ মাজত ডুব যায় পিতৃ । লগে লগে উক্ত ঘটনাটি স্থানীয় ৰাইজে জাগীৰোড আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী আৰু এছ ডি এফ বাহিনীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযানত আৰম্ভ কৰে যদিও বাতৰি যুগুতোৱা সময়লৈকৈ উদ্ধাৰ হোৱা নাই লোক জনক। লোক জনৰ নাম সুৰ্দশন চৌহান, বয়স 45 বছৰ ৷ উক্ত ঘটনাটোত ইতিমধ্যে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷
লগতে পঢ়ক- গৃহ অভিমুখী প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃত্যু!