ETV Bharat / state

মৰিগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ দুজন লোকৰ কৰুণ মৃত্যু

author img

By

Published : Aug 2, 2020, 8:02 PM IST

মৰিগাঁৱত বিদ্যুৎ পৰিবাহী তাঁৰত স্পৰ্শ হৈ দুজন লোকে কৰুণ মৃত্যুক সাৱটি লয় ৷ উক্ত ঘটনাত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটো ৷

2 Persons Dead By Electric shocked in Morigaon
মৰিগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ দুজন লোকৰ কৰুণ মৃত্যু

মৰিগাঁও, 2 আগষ্টঃ মৰিগাঁৱৰ বৰকুলৈত বৈদ্যুৎস্পৃষ্ট হৈ দুজন লোকৰ মৃত্যু হয় । মৃত লোকদুজনৰ নাম অনিল বৰুৱা (50) আৰু নৰেন ডেকা (50)। ব্ৰইলাৰ ফাৰ্মৰ থকা বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি সংঘটিত হয় এই শোকাবহ ঘটনাটো ।

উল্লেখ্য যে, দেওবাৰে ৰাতিপুৱা মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত বৰকুলৈ গাঁৱৰ অনিল বৰুৱা নামৰ লোক জনে ব্ৰইলাৰ ফাৰ্মত থকা বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি মাটিত পৰি আছিল ৷ উক্ত ছিঙা তাঁৰ ডালত স্পৰ্শ হৈ প্ৰথমে অনিল বৰুৱা নামৰ লোক জনে ছটফটাবলৈ ধৰে। ওচৰতে কঠিয়া তুলি থকা নৰেণ ডেকা নামৰ আন এজন লোকে উদ্ধাৰ কৰিবলৈ গৈছিল অনিল বৰুৱাক ৷ পিছত দুয়োজন লোক বিদ্যুৎস্পৃষ্ট হৈ ছটফটাবলৈ ধৰে ৷

ইফালে উক্ত ঘটনাটো ওচৰত মাছ মাৰি থকা লোকসকলে প্ৰত্যক্ষ কৰি বিদ্যুৎ পৰিবাহী তাঁৰদাল সংযোগ বিচ্ছিন্ন কৰি দিয়ে যদিও গুৰুতৰভাবে আহত হয় দুয়োজন লোক ৷ ইফালে দুয়োজন আহত ব্যক্তিক সংকটজনক অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে দুয়োজন ব্যক্তিকে মৃত বুলি ঘোষণা কৰে ।

লগতে পঢ়ক- বানত প্ৰাণ হেৰুৱালে 110 গৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.