ETV Bharat / state

Master Chef 1st Runners up : স্বগৃহত উপস্থিত হৈয়েই অভিজ্ঞতা ব্যক্ত কৰে ফাৰ্ষ্ট ৰাণাৰ্ছ আপ শান্তা শৰ্মাই - মাষ্টাৰচেফ ইণ্ডিয়া ৭

দেশবাসীৰ মন জিনি স্ব-গৃহ পালেহি অসম সন্তান মাষ্টাৰচেফ ইণ্ডিয়া ৭ৰ ফাৰ্ষ্ট ৰাণাৰ্ছ আপ শান্তা শৰ্মা(Santa Sharma in Jagiroad) ৷ ঘৰলৈ উভতি আহিয়েই দেশবাসীৰ লগতে অসমবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে শান্তাই ৷

1st Runners up Santa Sharma reacts on her victory
স্বগৃহত উপস্থিত হৈয়েই অভিজ্ঞতা ব্যক্ত কৰে ফাৰ্ষ্ট ৰাণাৰ্ছ আপ শান্তা শৰ্মাই
author img

By

Published : Apr 1, 2023, 5:27 PM IST

স্বগৃহত উপস্থিত হৈয়েই অভিজ্ঞতা ব্যক্ত কৰে ফাৰ্ষ্ট ৰাণাৰ্ছ আপ শান্তা শৰ্মাই

মৰিগাঁও, 1 এপ্ৰিল: চ’নী টিভিত সম্প্ৰচাৰিত জনপ্ৰিয় ৰন্ধন ৰিয়েলিটি শ্ব’ ‘মাষ্টাৰচেফ ইণ্ডিয়া ৭’ ত জিলিকিল দুই অসমীয়া (Master Chef India season 7)৷ শুকুৰবাৰে নিশা শ্ব’টোৰ গ্ৰেণ্ড ফিনালেত অসম সন্তান নয়নজ্যোতি শইকীয়া আৰু শান্তা শৰ্মাই ক্ৰমে বিজয়ী আৰু প্ৰথম ৰাণাৰ্ছ আপ খিতাপ অৰ্জন কৰি শনিবাৰে স্ব-গৃহত ভৰি দিয়েহি (Master Chef 1st Runners up )৷

এই প্ৰতিযোগিতাত ৫ লাখ টকাৰ চেক লাভ কৰিছিল ৰাৰ্ণাছ আপ শান্তা শৰ্মাই (1st Runners up Santa Sharma) । মৰিগাঁও জিলাৰ জাগীৰোডৰ বোৱাৰী শান্তা শৰ্মা ৷ দীৰ্ঘদিনৰ পিচত ঘৰলৈ উভতি আহি উৎফুল্লিত হৈ পৰে শান্তা (Santa Sharma in Jagiroad) ৷

পইতা ভাত, পোৰা গৰৈ মাছ, বাঁহগাজৰ খৰিছা, খৰিকাত দিয়া মাছ, বাঁহৰ চুঙাত প্ৰস্তুত কৰা মুৰ্গী মাংস, তিলৰ চাটনী, বিলাহী পোৰা, ৰঙালাওৰ আগেৰে বনোৱা কঠাল গুটিৰ আঞ্জা, শুকুতা পাতৰ সাৰ, পিঠাগুৰিৰে বনোৱা তিতাফুলৰ আঞ্জা, ক’লা কচু, বৰকচু ঠাৰি, কলপচলা, মাটিমাহ খাৰেৰে বনোৱা ব্যঞ্জন, টেকেলী পিঠা, চাহেৰে প্ৰথম ৰাণাৰ্ছ আপৰ খিতাপ জয় কৰে শান্তা শৰ্মাই ।

ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত শান্তা শৰ্মাই (Santa Sharma exclusive interview) কয় যে, অনাগত সময়ত মই থলুৱা খাদ্যৰ মেটমৰা সম্ভাৰেৰে এখন ৰেষ্টোৰা আৰম্ভ কৰাৰ পৰিকল্পনা কৰি থৈছো ৷ ইয়াৰ লগতে মোৰ বাহিৰৰ হোটেল, ৰেষ্টোৰাসমূহতো কাম কৰাৰ হেঁপাহ আছে ৷ য’ত মই এদিন বা দুদিনৰ বাবে হ’লেও অসমীয়া খাদ্য সম্ভাৰ বাহিৰলৈ লৈ যাব পাৰো ৷ যিখিনি খাদ্যসম্ভাৰ মই টিভিত দেখুৱাইছো, সেইখিনি খাদ্যসম্ভাৰ মই যদি মানুহক পৰিৱেশন কৰাব পাৰো তেন্তে নিশ্চয় মই সেই দিশত আগবাঢ়ি যাম ৷

লগতে শৰ্মাই কয় যে, মই বিচাৰো যে মোক দেখা পাই আৰু দহগৰাকী মহিলা ওলাই আহক ৷ নিজৰ মাজত যদি সুপ্ত প্ৰতিভা আছে, উলিয়াই লৈ আহক ৷ ভয় নকৰিব ৷ সমগ্ৰ ভাৰতত প্ৰতিঘৰ লোকে মোক সদায়েই টিভিত চাই আছিল, তেওঁলোকে মোক মৰম দিছিল, তেওঁলোকে মোক আশীৰ্বাদ দিছিল ৷ মই বিচাৰো অনাগত দিনটো মোক অসমবাসী তথা ভাৰতবাসীয়ে এনেদৰেই মৰম আশীৰ্বাদ কৰি থাকে যেন ৷

মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ৰ বিচাৰক আছিল চেফ বিকাশ খান্না (Chef Vikash Khanna), চেফ গৰিমা অৰোৰা, চেফ ৰণবীৰ ব্ৰাৰ (Chef Ranveer Brar) ৷ গ্ৰেণ্ড ফিনালেৰ এপিচ’ডত শোভা বঢ়াইছিল জনপ্ৰিয় চেফ সঞ্জীৱ কাপুৰে (Chef Sanjeev Kapoor) ৷

ৰিয়েলিটী শ্ব’টোৰ সপ্তম ছীজনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১৬ গৰাকী প্ৰতিযোগীয়ে স্ব-গোষ্ঠীৰ খাদ্য সম্ভাৰেৰে নিজ নিজ ৰন্ধন দক্ষতা প্ৰদৰ্শন কৰিছিল ৷ ১৩ সপ্তাহ ধৰি দৰ্শকক মোহিত কৰা এই অনুষ্ঠানটোত অসমৰ দুয়োগৰাকী প্ৰতিযোগীয়ে অসমৰ থলুৱা খাদ্য সম্ভাৰেৰে সকলো বিচাৰকৰ মন জিনিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক: MasterChef India 7: অসমীয়া খাদ্যৰে দেশবাসীৰ মন জয় কৰা নয়নজ্যোতি শইকীয়া পালেহি স্ব-ভূমি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.