ETV Bharat / state

12 ঘন্টীয়া মধ্য অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ মৰিগাঁৱত

author img

By

Published : Nov 23, 2020, 1:56 PM IST

আজি সদৌ তিৱা ছাত্ৰ সন্থাই আহ্বান জনাইছে 12 ঘন্টীয়া মধ্য অসম বন্ধ ৷ সমগ্ৰ মধ্য অসমৰ লগতে মৰিগাঁও জিলাতো বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷

as_mrg_805_tiwa_bandh_img_as10005
12 ঘন্টীয়া মধ্য অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ মৰিগাঁৱত

মৰিগাঁও, 23 নৱেম্বৰঃ আজি সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত আহ্বান জনোৱা হৈছে 12 ঘন্টীয়া মধ্য অসম বন্ধ ৷ তিৱা স্বায়ত্ব পৰিষদত নিৰ্বাচনৰ দিন ঘোষণাৰ প্ৰতিবাদতে 12 ঘন্টীয়া মধ্য অসম বন্ধৰ আহ্বান জনাইছিল ছাত্ৰ সংগঠনটোৱে ৷ সমগ্ৰ মধ্য অসমৰ লগতে মৰিগাঁও জিলাতো বন্ধৰ সৰ্বাত্ম প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷ জিলাখনত যান-বাহনৰ চলাচল, দোকান পোহাৰ বন্ধ হৈ পৰাৰ উপৰিও চৰকাৰী কাৰ্যালয়,বিদ্যালয় আৰু বিত্তীয় প্ৰতিষ্ঠান সমূহো বন্ধ হৈ পৰে ৷

উল্লেখ্য যে, তিৱা স্বায়ত্ব পৰিষদত মুঠ 36 টা সমষ্টিৰ বাবে আগন্তক 17 ডিচেম্বৰৰ দিনা ধাৰ্য কৰা হৈছে নিৰ্বাচনৰ দিন ৷ যাৰ বাবে প্ৰৰ্থীসকলৰ মনোনয়ন দাখিলৰ অন্তিম দিন হ’ল 25 নৱেম্বৰ ৷ আনহাতে, তিৱা স্বায়ত্ব পৰিষদত ভোটাৰ তালিকা সংশোধন, সংৰক্ষণ ব্যৱস্থাৰ আৰু ৰাজধানী সম্প্ৰসাৰণ আইন বাতিলৰ দাবীত ছাত্ৰ সংগঠনটোৱে ৰূপায়ন কৰি আহিছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৷

লগতে পঢ়ক-তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনলৈ সাজু শাসক-বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.