ETV Bharat / state

মৰিগাঁৱত দহ বছৰে উৰুখা পজাত বাস এটা দৰিদ্ৰ পৰিয়াল - জৰাবাৰী

মৰিগাঁৱত দহ বছৰে চৰকাৰী বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিয়ো নাপালে কোনো চৰকাৰী সা-সুবিধা ৷ ধুমুহাই তচনচ কৰা ঘৰটোতে ২ টি সন্তানৰ বহু কষ্ট কৰিয়েই জীৱন যুদ্ধৰ সৈতে জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে পৰিয়ালটোৱে ।

ETV BHARAT
মৰিগাঁৱত দহ বছৰে উৰুখা পজাত বাস এটা দৰিদ্ৰ পৰিয়াল
author img

By

Published : Apr 18, 2020, 9:01 PM IST

মৰিগাঁও, 18 এপ্ৰিলঃ মৰিগাঁৱৰ জৰাবাৰী গাঁৱত দহ বছৰে উৰুখা পজাত জীৱন কটাবলগীয়া হৈছে এটা দুখীয়া পৰিয়ালে ৷ নৈৰ মাছ মাৰি বিক্ৰী কৰিয়েই দৰিদ্ৰ পৰিয়ালটোক পোহ পাল দিব লগা হৈছে ৷

মৰিগাঁৱত দহ বছৰে উৰুখা পজাত বাস এটা দৰিদ্ৰ পৰিয়াল

নগাঁও-মৰিগাঁও সীমান্তৰ জৰাবাৰীৰ এটা দুখীয়া পৰিয়ালে সুদীৰ্ঘ দহ বছৰে উৰুখা পজাত জীৱন কটাব লগীয়া হৈছে ৷ ধুমুহাই তচনচ কৰা এটা ঘৰটোতে ২ টি সন্তানৰ সতে বহু কষ্ট কৰি নিৰ্বাহ কৰিব লগীয়া হৈছে পৰিয়ালটোৱে। স্থানীয় মৰিগাঁও 5নং পঞ্চায়তৰ সভাপতিৰ লগত বহু যোগাযোগ কৰিয়ো কোনো সা-সুবিধা নিদিয়া বুলি পঞ্চায়তৰ সভাপতি মুনু নাথৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে দুখীয়া পৰিয়ালটোৱে ৷ অতি শীঘ্ৰে চৰকাৰে যাতে দুখীয়া পৰিয়ালটোক এটা চৰকাৰী ঘৰকে ধৰি অন্যান্য সা-সুবিধা ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ৷

লগতে পঢ়ক- নগাঁৱৰ ৰাঙলুত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.