ETV Bharat / state

অফলামুখ ঘাটৰ অপায়-অমংগল দূৰ হোৱাৰ কামনাৰে ব্ৰহ্মপুত্ৰত ভোগ অৰ্পণ

সমস্যাৰ যেন অন্ত নাই মাজুলীবাসীৰ(Problemes of Majuli) । ব্ৰহ্মপুত্ৰৰে আজীৱন সম্বন্ধ থকা মাজুলীবাসীক মাজে মাজে ডাঙৰ সমস্যাৰো সন্মুখীন কৰে ব্ৰহ্মপুত্ৰই । সেয়ে সকলো অপায়-অমংগল দূৰ কৰিবলৈ ব্ৰহ্মপুত্ৰ বাবাৰ ওচৰত আশীষ ল’লে মাজুলীবাসীয়ে ।

author img

By

Published : May 6, 2022, 9:50 PM IST

worship of brahmaputra in majuli
অফলামুখ ঘাটৰ অপায়-অমংগল দুৰ হোৱাৰ কামনাৰে ব্ৰহ্মপুত্ৰত ভোগ অৰ্পণ

মাজুলী,৬ মে': মাজুলী আৰু যোৰহাট সংযোগী সদাব্যস্ত অফলামুখ ফেৰী ঘাটত সঘনে দুৰ্ঘটনা, ফেৰীৰ বিজুতি আদি ঘটনা সংঘটিত হৈ আহিছে(Boat accident in Majuli) ৷ সঘনাই হৈ থকা এই অঘটনবোৰ দূৰ হোৱাৰ কামনাৰে আজি অফলামুখ ঘাটত ব্ৰহ্মপুত্ৰ বাবাক ভোগ অৰ্পণ কৰা পৰিলক্ষিত হয় ৷ মাজুলীৰ স্পৰ্শকাতৰ অঞ্চল সমুহতো ব্ৰহ্মপুত্ৰৰ কাল ৰূপ শাম কটাৰ উদ্দেশ্যে বৈদিক নীতি-নিয়মেৰে ব্ৰহ্মপুত্ৰত ভোগ অৰ্পণ কৰি ব্ৰহ্মপুত্ৰ বাবাক পূজা অৰ্চনা কৰে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে ৷

আভ্যান্তৰীণ জল পৰিবহন বিভাগ, অফলামুখ ব্যৱসায়ী সন্থা আৰু ব্যক্তিগত ফেৰীৰ মালিক সন্থাই কিছু দিনৰ পৰা অফলামুখ আৰু নিমাতীৰ মাজত ফেৰী চলাচলত ব্যাঘাত হোৱাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে অফলামুখ ফেৰী ঘাটত পূজা-পাৰ্বন কৰি ব্ৰহ্মপুত্ৰ বাবাক ভোগ অৰ্পণ কৰে । ঐতিহাসিক শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ যাদবৰায়ৰ শ্ৰী চৰণত সেৱা জনাই ভোগ প্ৰদান কৰে দক্ষিণপাট গৃহশ্ৰামী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ।

বিশ্বাস অনুসৰি ব্ৰহ্মপুত্ৰ আৰু দক্ষিণপাট সত্ৰৰ মাজত এক নিবিড় সম্পৰ্ক আছে । কিছু বছৰ পূৰ্বে দক্ষিণপাট অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এক ভয়াৱহ ৰূপ ধাৰন কৰিছিল । গৰাখহনীয়াৰ পৰা হাত সাৰিবৰ বাবে দক্ষিণপাট সত্ৰই ব্ৰহ্মপুত্ৰ বাবাক ভোগ দান কৰিছিল সেই ধাৰা সত্ৰ খনে বিভিন্ন সময়ত পালনো কৰি আহিছে ৷

এই ভোগ অৰ্পণৰ পিছৰ পৰাই দক্ষিণপাট সত্ৰৰ সমীপত গৰাখহনীয়া হোৱা নাই বুলি অঞ্চলবাসীয়ে বিশ্বাস কৰে । এই বিশ্বাসকে সৰোগত কৰি আজি দক্ষিণপাট সত্ৰই অফলামুখ ফেৰী ঘাটত ভোগ প্ৰদান কৰে । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ধৰ্ম আৰু বিশ্বাসেই মানৱ সমাজ চলিব লাগিব । ধৰ্ম শ্ৰদ্ধা ভক্তি এইবোৰ বিজ্ঞানৰ তুলাচনীৰ কেতিয়াও জুখিব নোৱাৰি, বিশ্বাস ইয়াত সম্পৃক্ত হ’বই লাগিব বুলি তাপৰ্যপূণ মন্তব্য প্ৰদান কৰে সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে ।

‘‘ধৰ্মৰ বিশ্বাসতেই আমি ব্ৰহ্মপুত্ৰৰ কাষলৈ আহিছোঁ । ব্ৰহ্মপুত্ৰক আমি দেৱতা জ্ঞান কৰোঁ । মাজুলীৰ আতুৰ জনতাক ৰক্ষাৰ প্ৰাৰ্থনাৰে যাদবেন্দৰ চৰণত এভাগি ভোগ অৰ্পণ কৰি আজি এই ব্ৰহ্মপুত্ৰ দেৱতাক প্ৰদান কৰিছোঁ’’ বুলি মন্তব্য প্ৰকাশ কৰে সত্ৰাধিকাৰগৰাকীয়ে । লগতে কেৱল ভোগ দি বা ধৰ্মীয় কাম-কাজ সমূহ কৰিয়েই আমি বহি থাকিলে নহ’ব, আমাৰ কৰণীয় সমূহো কৰিব লাগিব বুলিও মন্তব্য কৰে সত্ৰাধিকাৰ গৰাকীয়ে ৷

লগতে পঢ়ক: চেক নকল কৰি কোনে সৰকালে দিছপুৰ মহাবিদ্যালয়ৰ একাউন্টৰ ৭৬ লাখ টকা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.