ETV Bharat / state

#HBDHimantaBiswa: মুখ্যমন্ত্ৰীক শুভেচ্ছা জনাবলৈ মাজুলীৰ পৰা বৈষ্ণৱৰ গুৱাহাটী যাত্ৰা

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন (CM Himanta Biswa Sarma birthday)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে মুখ্যমন্ত্ৰীক জনাইছে শুভেচ্ছা (#HBDHimantaBiswa) । মাজুলীৰ পৰা ৪৭ গৰাকী বৈষ্ণৱে মুখ্যমন্ত্ৰীক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে গুৱাহাটীলৈ যাত্ৰা কৰিলে ।

Himanta Biswa Sarma birthday
মুখ্যমন্ত্ৰীক শুভেচ্ছা জনাবলৈ মাজুলীৰ পৰা বৈষ্ণৱৰ গুৱাহাটী যাত্ৰা
author img

By

Published : Feb 1, 2022, 4:25 PM IST

মাজুলী,১ ফেব্ৰুৱাৰী : আজি অসমৰ মুখ্যমন্ত্ৰী তথা অসমবাসীৰ বাবে 'মামা' হিচাপে পৰিচিত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন (CM Himanta Biswa Sarma birthday) ৷ ৫৩ বছৰত ভৰি দিয়া জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক অসম ভিন্ন প্ৰান্তৰ লোকসকলে শুভেচ্ছা জনোৱা দেখা গৈছে (#HBDHimantaBiswa) । কোনোৱে যদি সামাজিক মাধ্যমক জন্মদিনৰ শুভেচ্ছা জনাইছে, কোনোৱে আকৌ জন্মদিন উপলক্ষ্যে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে (Himanta Biswa Sarma's Birthday Celebration in Assam)।

ইয়াৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ গুৱাহাটীলৈ যাত্ৰা কৰিলে মাজুলীৰ ৪৭ গৰাকীকৈ বালক বৈষ্ণৱে । ঐতিহাসিক দক্ষিণপাট আৰু আউনিআটী সত্ৰৰ পৰা এই বৈষ্ণৱসকলে বিভিন্ন উপহাৰেৰে গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰে । কোনোগৰাকী ভাগিন বৈষ্ণৱে যদি মামা হিমন্ত বিশ্ব শৰ্মালৈ উপহাৰ হিচাপে নিজ হাতেৰে অংকন কৰা ছবি আনিছে কোনোৱে আকৌ মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত গীত-নৃত্য পৰিৱেশন কৰিব ।

মুঠতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি থকা মৰমৰ অন্যতম নিদৰ্শন দেখুৱালৈ মাজুলীৰ বৈষ্ণৱসকলে ।

লগতে পঢ়ক :মামাৰ জন্মদিন পালিবলৈ গুৱাহাটী যাত্ৰা মাজুলীৰ ৪৭ জন ভাগিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.