ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - ETV top ten

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Mar 2, 2022, 7:06 PM IST

দুৰ্যোগৰ মুখামুখিৰ বাবে প্ৰাক্তন সেনাৰ তথ্য সংগ্ৰহ চৰকাৰৰ

বিভিন্ন ঠাইত থকা প্ৰাক্তন ভাৰতীয় সেনাৰ বিস্তৃত তথ্য বিচাৰিছে ভাৰত চৰকাৰে (Seeks retired army data)। যিকোনো ধৰণৰ সম্ভাব্য দুৰ্যোগৰ সময়ত যাতে প্ৰাক্তন সৈনিক তথা সেনা বাহিনীৰ লোকসকলে জনসাধাৰণৰ মাজত সোমাই সহায় কৰিব পাৰে তাৰ বাবে প্ৰস্তুতি চলাইছে চৰকাৰে ৷

Russia Ukraine war: যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা আহিল অসমৰ আৰু চাৰিগৰাকী শিক্ষাৰ্থী

অপাৰেচন গঙ্গাৰ অধীনত অব্যাহত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়ক উদ্ধাৰৰ প্ৰচেষ্টা । ইজনৰ পাছত সিজনকৈ ইউক্ৰেইনত আৱদ্ধ অসমৰ শিক্ষাৰ্থীও উভতি আহিছে স্ব-ভূমিলৈ । পুনৰ ইষ্টানবুলৰ পৰা দিল্লী পালেহি অসমৰ চাৰিগৰাকী শিক্ষাৰ্থী ৷

Unusual Death in Golaghat: গোলাঘাটত On Camera পুৰোহিতৰ মৃত্যু

On Camera বন্দী হ'ল এজন লোকৰ মৃত্যুৰ ঘটনা (Unusual Death in Golaghat)। মন্দিৰত পূজা কৰি থকা অৱস্থাতে মৃত্যু হ’ল এজন ব্যক্তিৰ । গোলাঘাটৰ সুভাষ কলনিৰ এটা মন্দিৰত চন্দীপাঠ কৰি পূজা অৰ্চনা কৰি থকা অৱস্থাতে মৃত্যু হ'ল ব্যক্তিজনৰ । তৎক্ষণাতে মৃত্যু ঘটিল ব্যক্তিজনৰ । মন্দিৰত পূজা-অৰ্চনা কৰি থাকোঁতে মৃত্যু ঘটা ব্যক্তিজনৰ নাম উদয়াদিত্য সেন ।

নিৰ্বাচনী বিষয়াই নাকচ কৰা মনোনয়নপত্ৰ বৈধ ঘোষণা আদালতৰ

মনোনয়ন পৰীক্ষাৰ সময়ত মনোনয়ন নাকচ হোৱা ঢেকিয়াজুলিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি ঘোষণা কৰিছে আদালতে (Sonitpur civic poll news)৷ প্ৰভাকৰ শুক্লাৰ মনোনয়নপত্ৰ পৰীক্ষাৰ সময়ত ঢেকিয়াজুলি পৌৰসভাৰ নিৰ্বাচনী বিষয়া তন্ময় বৰাই বিসংগতি থকা বুলি নাকচ কৰিছিল ৷

বিজেপি-এআইইউডিএফৰ বিৰুদ্ধে সকলো একলগ হৈ যুঁজা উচিত : অখিল গগৈ

বুধবাৰে চিত্ৰৰঞ্জন বসুমতাৰীৰ হৈ প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হয় অখিল গগৈ (MLA Akhil Gogoi campaign for Chittaranjan Basumatary) । আগন্তুক উপ নিৰ্বাচনত কংগ্ৰেছ মিত্ৰ জোঁটৰ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰীক ভোট দিবলৈ ৰাইজক আহ্বান জনাই বিধায়ক অখিল গগৈয়ে ।

Operation Ganga: ইউক্ৰেইনৰ পৰা ঘৰ আহি পালে মাণিকপুৰৰ ছাত্ৰ

যুদ্ধৰ মাজতে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবেও কেন্দ্ৰীয় চৰকাৰে বিশেষ উদ্যোগ লৈছে । ইতিমধ্যে ভাৰত চৰকাৰৰ অপাৰেশ্যন গংগাৰ (Operation Ganga) অধীনত আবদ্ধ শিক্ষাৰ্থী লগতে ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰি থকা হৈছে । ইয়াৰ মাজতে অসমৰ কেইবাগৰাকী শিক্ষাৰ্থীও স্ব-ভূমিত আহি উপস্থিত হৈছে । বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৫ নং ভাণ্ডাৰাৰ মঞ্জুৰ আলম নামৰ ছাত্ৰজনো আহি ঘৰত উপস্থিত হয় (Manikpur student arrives home from Ukraine)। মঙলবাৰে নিশা ছাত্ৰজন আহি নিজ ঘৰত উপস্থিত হয় আলম ।

যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা ওভতি আহিল ৰঙিয়াৰ মণিষা ৱাহিদ

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা মঙলবাৰে নিশা ৰঙিয়া পালেহি মণিষা ৱাহিদ (Student from Ukraine reached home in Rangia)। সুদীৰ্ঘ ২২ ঘন্টা ধৰি হাংগেৰী হৈ ভাৰতলৈ আহিছিল মণিষা । মণিষা নিজ গৃহত উপস্থিত হোৱাৰ পিছতে উৎফুল্লিত হৈ পৰিছে মণিষাৰ পৰিয়ালবৰ্গ ।

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ

নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ২০১৯ লোকসভা নিৰ্বাচনৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা চেটেলাইট নিউজ চেনেলক সাক্ষাৎকাৰ দিয়া সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ (Case Against Assam CM) । এই গোচৰৰ ভিত্তিত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়াৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত‌ ৰুজু কৰে গোচৰ(Assam CM case against Election Commission) ।

সত্ৰনগৰীত চোৰৰ তাণ্ডৱ : বৰপেটাৰ দুখনকৈ সত্ৰত চোৰৰ চাফাই অভিযান

বৰপেটাৰ বিভিন্ন অঞ্চলত চোৰৰ উপদ্ৰৱ অব্যাহত থকাৰ সময়তে এইবাৰ চোৰৰ টাৰ্গেট হৈ পৰিছে সত্ৰ তথা নামঘৰ । একেদিনাই বৰপেটা চহৰৰ দুখনকৈ সত্ৰত চুৰিকাণ্ড সংঘটিত হোৱাক লৈ চহৰখনত সৃষ্টি হৈছে চাঞ্চল্যৰ ।

Assam municipal election: চাবুৱাত দুস্কৃতিকাৰীয়ে জ্বলালে অগপৰ নিৰ্বাচনী কাৰ্যালয়

পৌৰসভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত চাবুৱাত নিৰ্বাচনী হিংসাৰ ঘটনা (Pre poll violation in Chabua) ৷ দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে অসম গণ পৰিষদৰ নিৰ্বাচনী কাৰ্যালয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.