মাজুলী, 5 ডিচেম্বৰ : মাজুলীৰ এজন সত্ৰাধিকাৰৰ জীৱনলৈ নামিছে প্ৰাণৰ সংশয় ৷ মাজুলীৰ ঐতিহাসিক গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীক ফোনযোগে ধন দাবী কৰিছিল কোনো দুৰ্বৃত্তই ৷ ধন আদায় নিদিয়াৰ বাবে ফোনত মৃত্যুৰ ভাবুকি প্ৰদান কৰা হৈছে সত্ৰাধিকাৰগৰাকীক ৷ ইয়াকে লৈ সত্ৰ নগৰী মাজুলীত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷
উল্লেখ্য যে, অচিনাকী বহুকেইটা ফোন নম্বৰৰ পৰা বিগত দুসপ্তাহ ধৰি সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীলৈ আহিছিল ফোন কল ৷ ফোনকলত ভাঁহি আহে মহিলাৰ ভাষ্য ৷ প্ৰথমে ফোন যোগে প্ৰেৰণ কৰিছিল অশ্লীল ফটো-ভিডিঅ' ৷ অসমীয়া জাতিকলৈও কৰিছিল বিক্ষিপ্ত মন্তব্য ৷ পৰৱৰ্তী সময়ত সেই ফোনকল সমূহত ধন দাবী কৰি ভাবুকি দিয়া হৈছিল সত্ৰাধিকাৰগৰাকীক ৷ কিন্তু ধন আদায় নিদিয়াৰ পৰিপ্ৰেক্ষিতত এইদৰে প্ৰাণ নাশৰ ভাবুকি প্ৰদান কৰা হৈছে পৰমানন্দ দেৱ গোস্বামীক ৷ সম্প্ৰতি নিৰাপত্তাহীনতাত ভোগা সত্ৰাধিকাৰগৰাকী ওচৰ চাপিছে আৰক্ষী প্ৰশাসনৰ ৷ ইয়াৰ পূৰ্বে ধৰ্মীয় আগ্ৰাসনক লৈ মাজুলীত সৃষ্টি হৈছিল আন এক অসহিষ্ণুতাৰ ৷ বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই সত্ৰাধিকাৰক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা দুৰ্বৃত্তক ৷ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীয়ে জনোৱা মতে কলকতাৰ পৰা আহিছিল ফোনকল সমূহ ৷
লগতে পঢ়ক - কেব বিৰোধী প্ৰতিবাদকাৰীক আক্ৰমণ ABVP কৰ্মীৰ