ETV Bharat / state

Talent search exam: পোহৰলৈ আহিছে শইকীয়া ডাইনেমিক প্ৰতিষ্ঠানৰ শপতনামাৰ ভয়ংকৰ তথ্য...

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 10:44 AM IST

মাজুলীক ইছলামিক ধৰ্মৰ কেন্দ্ৰস্থলীলৈ পৰিৱৰ্তন কৰাৰ প্ৰয়াস ! শইকীয়া ডাইনেমিক নামৰ প্ৰতিষ্ঠানৰ শপতনামাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷

Talent search exam in Majuli
পোহৰলৈ আহিছে শইকীয়া ডাইনেমিক প্ৰতিষ্ঠানৰ শপতনামাৰ ভয়ংকৰ তথ্য...

মাজুলী, 12 অক্টোবৰ : যোৱা 8 অক্টোবৰত 'শইকীয়া ডাইনেমিক' নামৰ এটা কোম্পানীয়ে মাজুলীত টেলেণ্ট চাৰ্চ পৰীক্ষাৰ নামত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ধন লুট কৰাৰ ভয়ংকৰ অভিযোগ সংঘটিত হৈছিল । এই প্ৰতিষ্ঠানটোৱে মাজুলীৰ আঠটা স্থানত দেওবাৰে টেলেণ্ট চাৰ্চ পৰীক্ষা অনুষ্ঠিত কৰিছিল । কিন্তু দুপৰীক্ষা কেন্দ্ৰত পেপাৰ সময়ত আহি নোপোৱাত ছাত্ৰ-ছাত্ৰীসকলে উপায়ন্তৰ হৈ পৰীক্ষা কেন্দ্ৰ এৰি বাহিৰলৈ ওলাই আহিছিল ।

ইয়াৰ পিচতে আৰক্ষীয়ে আটক কৰিছিল কোম্পানীটোৰ কেইবাজনো কৰ্মচাৰীক । মাজুলী জিলা শিক্ষা বিষয়া কাৰ্যালয়ৰ পৰা কোনো অনুমতি নোলোৱাকৈয়ে পৰীক্ষা অনুষ্ঠিত কৰিছিল বুলিও পোহৰলৈ আহিছিল । ইয়াৰ পিচতে বুধবাৰে পৰীক্ষা অনুষ্ঠিত কৰা শইকীয়া ডাইনেমিক নামৰ প্ৰতিষ্ঠানৰ লক্ষ্য, উদেশ্য পোহৰলৈ আহিছে ৷ আৰক্ষীয়ে আটকাধীন কৰ্মচাৰী তথা প্ৰতিষ্ঠানটোত অভিযান চলাই পৰা জব্দ কৰিছিল প্ৰতিষ্ঠানটোৰ শপতনামা । আৰক্ষীয়ে জব্দ কৰা শপত নামাত পোহৰলৈ আহিছে শইকীয়া ডাইনেমিক প্ৰতিষ্ঠানৰ ভয়ংকৰ তথ্য ।

শইকীয়া ডাইনেমিক নামৰ প্ৰতিষ্ঠানৰ শপতনামাত উল্লেখ আছে যে, মাজুলীত ইছলামিক স্কুল, কলেজ, ধৰ্মীয় উপাসনাস্থলী আৰু গৱেষণাৰ কেন্দ্ৰ প্ৰতিষ্ঠা কৰিব। ইয়াৰ পিচতে এতিয়া সত্ৰ নগৰী মাজুলীত উত্তেজনাৰ সৃষ্টি হৈছে । ইতিমধ্যে আৰক্ষীয়ে এই প্ৰতিষ্ঠানৰ মূল অভিযুক্ত দেবাংগ শইকীয়াৰ পিতৃ যদু শইকীয়া মাতৃ জ্যোতি বেজ শইকীয়া আৰু ভাড়াঘৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰিছে যদিও মূল অভিযুক্ত দেবাংগ শইকীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা পাছত হে ওলাব এই ভয়ংকৰ অভিসন্ধিৰ আঁৰত কোন জড়িত আছে ? আচলতে কি কৰিব বিচাৰিছিল প্ৰতিষ্ঠানটোৱে ?

লগতে পঢ়ক: Talent search exam: টেলেণ্ট চাৰ্চ পৰীক্ষাৰ নামত ধন লুণ্ঠন; উত্তেজিত অভিভাৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.