ETV Bharat / state

Covid vaccination for teens starts in Assam : ৰাজ্যৰ ভিন্ন প্ৰান্তত সুকলমে সম্পন্ন প্ৰথমদিনাৰ ভেকচিন প্ৰদানৰ কাৰ্যসূচী - Succesfully completed First day of Covid vaccination for teens in assam

ৰাজ্যজুৰি আৰম্ভ হ’ল ১৫ বছৰৰ পৰা ১৮ বছৰলৈ বিশেষ ভেকচিন প্ৰদান কাৰ্যসূচী (Vaccination starts in entire Assam) ৷ মন্ত্ৰী যোগেন মহনে চৰাইদেউত প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰাৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰতিখন জিলাতে সোমবাৰে আৰম্ভ হয় কিশোৰ-কিশোৰীৰ ভেকচিন প্ৰদানৰ কাৰ্যসূচী (Covid vaccination for teens starts in Assam) ৷

Covid Vaccination stats in entire Assam
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আৰম্ভ কিশোৰ-কিশোৰীৰ ভেকচিন প্ৰদান কাৰ্যসূচী
author img

By

Published : Jan 4, 2022, 10:56 AM IST

নিউজ ডেস্ক, 4 জানুৱাৰী : ক'ভিড 19 মহামাৰীৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণে নতুনকৈ শক্তিশালী ৰূপত দেশত প্ৰৱেশ কৰিছে ৷ যাৰ ফলত বিভিন্ন ৰাজ্যত ধৰা পৰিছে ইজনৰ পিছত সিজনকৈ অ’মিক্ৰণত আক্ৰান্ত ৰোগী ৷ বিভিন্ন ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে মিনি লকডাউন ।

অসমত বৰ্তমানলৈকে তেনে পৰিস্থিতি সৃষ্টি হোৱা নাই যদিও ৰাজ্য চৰকাৰে কোনো ধৰণৰ সুৰুঙা এৰা নাই সাৱধানতা গ্ৰহণৰ ক্ষেত্ৰত ৷ ক'ভিড-19 ৰ বাবে 18 বছৰৰ ঊৰ্ধৰ লোকসকলক ভেকচিন প্ৰদান কৰা হৈছে যদিও কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা হোৱা নাছিল ৷ তাৰ বাবে 3 জানুৱাৰীৰে পৰা সমগ্ৰ ৰাজ্যতে 15-18 বছৰলৈ বিশেষ ভেকচিন প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে (Covid vaccination for teens starts in Assam) । সোমবাৰৰ পৰাই ৰাজ্যত আৰম্ভ হৈছে এই প্ৰক্ৰিয়া ৷

Covid Vaccination stats in entire Assam
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আৰম্ভ কিশোৰ-কিশোৰীৰ ভেকচিন প্ৰদান কাৰ্যসূচী

3 জানুৱাৰীৰে পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা 15-18 বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ ক’ভিড-19 টীকাকৰণ প্ৰক্ৰিয়াৰ নলবাৰী জিলাতো শুভাৰম্ভ কৰা হয় (Covid Vaccination for 15 18 Years group in Nalbari) । জিলাখনৰ প্ৰায় 15 খনকৈ শিক্ষানুষ্ঠানত 3 জানুৱাৰীৰ পৰা প্ৰতিদিনে টীকাকৰণ কৰি 9 জানুৱাৰীত সমাপ্ত কৰিব জিলা স্বাস্থ্য বিভাগে । জিলাখনৰ প্ৰায় 25,000 ছাত্ৰী-ছাত্ৰীক প্ৰদান কৰা হ'ব এই ক’ভিড প্ৰতিষেধক ৷

মাজুলীতো ব্যতিক্ৰমীভাৱে শুভাৰম্ভ হ’ল টীকাকৰণ প্ৰক্ৰিয়া ৷ জিলাখনত 10 মিনিটৰ বাবে জিলা উপায়ুক্তৰ দায়িত্ব অৰ্পণ কৰা হ'ল এগৰাকী ছাত্ৰীক ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰী প্ৰিয়ংকা দাসক উক্ত ভেকচিন প্ৰদান কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীক উৎসাহ প্ৰদানৰ বাবে 10 মিনিটৰ বাবে জিলা উপায়ুক্তৰ পদত অধিষ্ঠিত কৰা হ'ল ৷ খাৰজান পাৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰীয়ভাৱে প্ৰথম প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ'ল । এই সমগ্ৰ অভিযানে 15 টা চলন্ত চিকিৎসা গোটে 138 খন শিক্ষানুষ্ঠানৰ সৰ্বমুঠ 12,557 গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি লয় ৷

ইফালে, চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণ মহাবিদ্যালয়ত টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে । উক্ত ক'ভিড টীকাকৰণ কাৰ্যসূচীৰ পূৰ্বে মৰাণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উদ্বোধনী সভাত বন্তি প্ৰজ্বলন কৰে মন্ত্ৰী যোগেন মহনে । 9 জানুৱাৰীলৈ চৰাইদেউত 19,600 গৰাকী ছাত্ৰ-ছাত্ৰীক ক'ভিড টীকাকৰণ প্ৰদানৰ লক্ষ্য বান্ধি লৈছে স্বাস্থ্য বিভাগে । টীকাকৰণ কাৰ্যসূচীৰ প্ৰথম দিনটোত 1,300 গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় প্ৰতিষেধক ৷

লগতে পঢ়ক : Israel approves 4th Covid vaccine dose: ইজৰাইলত ক'ভিড প্ৰতিষেধকৰ চতুৰ্থ পালি প্ৰদান

কাৰ্বি আংলঙত এই বিশেষ অভিযানৰ অংশস্বৰূপে সোমবাৰে বিদ্যালয়সমূহত স্বাস্থ্য কৰ্মীৰ দল উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিষেধক প্ৰদান কৰে ৷ কেইবাগৰাকীও কাৰ্যবাহী দণ্ডাধীশ এই কাৰ্যসূচীত উপস্থিত হৈ অভিযানৰ বুজ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিষেধক লোৱাৰ বাবে উৎসাহিত কৰে ৷ ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক সভাত দুগৰাকী ছাত্ৰক আনুষ্ঠানিকভাৱে ক'ভেক্সিন প্ৰদান কৰি অভিযানৰ শুভাৰম্ভ কৰা হয় ৷ এই কাৰ্যসূচী মুকলি কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে ৷

vCovid Vaccination stats in entire Assam

আনহাতে, হোজাইৰ নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কিশোৰ-কিশোৰীসকলক ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ এই সভাত উদ্বোধনী বক্তব্য প্ৰদান কৰে জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে ৷ ভেকচিন গ্ৰহণৰ ক্ষেত্ৰত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয় ৷

ধুবুৰীত শিক্ষাৰ্থীৰ টীকাকৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে ৷ অনুষ্ঠানত জিলা উপায়ুক্তগৰাকীয়ে উপযুক্ত বয়সৰ সকলো শিক্ষাৰ্থীক নিজ নিজ বিদ্যালয়ত ভেকচিন ল'বলৈ আৰু অভিভাৱকসকলক তেওঁলোকৰ সন্তানে ভেকচিন লোৱাতো নিশ্চিত কৰিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত ক’ভিড ভেকচিন প্ৰদানৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, ধুবুৰীৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ইমদাদ উল্লাহ, ডাঃ দেৱময় স্যানাল প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ কেবাগৰাকীও বিষয়া উপস্থিত থাকে ৷

সোমবাৰে জিলাখনৰ 66 খন বিদ্যালয়ৰ 17,375 গৰাকী শিক্ষাৰ্থীক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে এই সন্দৰ্ভত সদৰী কৰা মতে, ধুবুৰীৰ মুঠ 377 খন চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ 73,680 গৰাকী শিক্ষাৰ্থীক বিদ্যালয়লৈ স্বাস্থ্য বিভাগৰ দলে গৈ ভেকচিন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই প্ৰক্ৰিয়া সমাপ্ত হ'ব 9 জানুৱাৰীত ৷ 9 জানুৱাৰীৰ পিছত শিক্ষানুষ্ঠানত পাঠদান নকৰা 15-18 বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷

লগতে পঢ়ক : সোমবাৰৰ পৰা ১৫-১৮ বয়সৰ ছাত্ৰ-ছাত্ৰীক টীকাকৰণ : কোন মন্ত্ৰীৰ দায়িত্ব ক'ত ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.