ETV Bharat / state

Environment education programme: মাজুলীত LiFE ৰ উদ্যোগত পৰিৱেশ সম্পৰ্কীয় বিশেষ কাৰ্যসূচী - environmental programme organized by LiFE

LiFE ৰ উদ্যোগত মাজুলীত জনসাধাৰণৰ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতা আনিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে (environment education programme) ৷ ইয়াৰে অংশ হিচাবে শক্তি সংৰক্ষণৰ ওপৰত এখনি আকৰ্ষণীয় বাটৰ নাট প্ৰদৰ্শন কৰে কেইটিমান কণ কণ ল’ৰা ছোৱালীয়ে ৷

environmental programme
পৰিৱেশ সম্পৰ্কীয় বিশেষ কাৰ্যসূচী
author img

By

Published : Mar 25, 2023, 9:25 AM IST

পৰিৱেশ সম্পৰ্কীয় বিশেষ কাৰ্যসূচী

মাজুলী, 25 মাৰ্চ : আজিৰ দিনত মানুহৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলোৱা মুখ্য কাৰকটোৱেই হৈছে পৰিৱেশ সম্পৰ্কীয় সমস্যা ৷ উন্নতিৰ জখলাত আগুৱাই গৈ থকা মানুহৰ কাম-কাজে পৃথিৱীখনক ক্ৰমান্বয়ে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে ৷ সামগ্ৰিকভাৱে চাবলৈ গ’লে সময়ৰ লগে লগে চাৰিওফালে আগুৱাই যোৱা পৰিলক্ষিত হয় যদিও অলপ গূঢ়াৰ্থলৈ চালে অনুমান কৰিব পাৰি যে আমি পৰিৱেশৰ কিমান ক্ষতি কৰিছো ৷

একবিংশ শতিকাৰ জলন্ত সমস্যাৰ অন্যতম হৈছে জলবায়ু পৰিৱৰ্তন । সাম্প্ৰতিক সময়ত প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰকৰ প্ৰভাৱত অভাৱনীয় হাৰত জলবায়ু পৰিৱৰ্তন হৈছে । এনে এক স্পৰ্শকাতৰ সমস্যা দূৰ কৰিবৰ বাবে বিশ্বজোৰা প্ৰয়াসৰ অংশ হিচাপে অসম চৰকাৰেও বিভিন্ন আঁচনি হাতত লৈছে (environment education programme) ।

অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে জলবায়ু পৰিৱৰ্তনৰ সমস্যাক গুৰুত্ব সহকাৰে লৈছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আস্থানত আৰম্ভ হোৱা LiFE(পৰিৱেশৰ বাবে জীৱনশৈলী) অভিযানৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পৰা "এটা সপ্তাহ পৰিৱেশৰ বাবে" শীৰ্ষক সপ্তাহযোৰা কাৰ্যসূচী আৰম্ভ হৈছে (environmental programme by LiFE in Majuli) ।

ইয়াৰ উদ্দেশ্য হৈছে অসমত LiFE অভিযানৰ প্ৰভাৱশালী শুভ আৰম্ভণি নিশ্চিত কৰা (environmental programme) । ছাত্ৰ-ছাত্ৰী , কিশোৰ-কিশোৰী আৰু জনসাধাণৰ সহযোগত অসমৰ গাৱেঁ-ভূঞে, চহৰে-নগৰে LiFE অভিযানৰ বাৰ্তা প্ৰচাৰ কৰা । পানী সংৰক্ষণৰ বাবে অভিযান, শক্তি সংৰক্ষণৰ বাবে অভিযান, এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ প্ৰচলন হ্ৰাস কৰাৰ বাবে অভিযানকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে LiFE ৰ উদ্যোগত ।

এই কাৰ্যসূচীৰ ভিতৰত শক্তি সংৰক্ষণ কিদৰে কৰিব লাগে কিয় কৰিব লাগে তাৰ ওপৰত ৰাৱনাপাৰ চাৰিআলিত এখনি বাটৰ নাট প্ৰদৰ্শন কৰে কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে । আয়োজক সকলে জানিবলৈ দিয়া মতে তেওঁলোকে লোৱা কাৰ্যসূচীৰ পৰা সাধাৰণ লোকসকল কিঞ্চিত পৰিমাণৰ হলেও উপকৃত হৈছে ।

লগতে পঢ়ক : Environment Education programme: মৰিগাঁও মহাবিদ্যালয়ত পৰিৱেশৰ বাবে জীৱন শৈলী সন্দৰ্ভত সপ্তাহযোৰা কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.