মাজুলী, ৩ জুন: বৰ্তমান ৰাজ্যৰ ভিন্ন প্ৰান্তত ধৰ্ষণ, অপহৰণ আদিৰ ঘটনা সঘনাই সংঘটিত হৈ থকাৰ সময়তে মাজুলীৰ কলাগুৰু উদীয়মান যুৱ মঞ্চ বনগাঁও মাজুলীয়ে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে । ৰাভা দিৱস অৰ্থাৎ ২০ জুনৰ পৰা আত্মৰক্ষাৰ বাবে এক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে সংগঠনটোৱে ।
ছাত্ৰ-ছাত্ৰী অথবা যুৱক-যুৱতী সকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি এই কৰ্মশালাৰ আয়োজন কৰিছে । সোণৰ পদক অৰ্জন কৰি Black Beltৰে সন্মানিত হোৱা অসমৰ বিভিন্ন প্ৰান্তৰ সুদক্ষ প্ৰশিক্ষকে প্ৰশিক্ষণ দিব ছাত্ৰ-ছাত্ৰীসকলক ।
ইচ্ছুক ছাত্ৰ-ছাত্ৰী অথবা যুৱক-যুৱতীয়ে ১ জুনৰ পৰা ১৫ জুনৰ ভিতৰত নামভৰ্তি কৰিব পাৰিব বুলি সংগঠনটোৱে জানিবলৈ দিছে । ১২ মাহ ধৰি চলিব এই প্ৰশিক্ষণ । মাৰ্শ্বিয়েল আৰ্ট, কাৰাটে, বক্সিং আদি সমৰ কলাৰ প্ৰশিক্ষণ দিয়া হ'ব এই কৰ্মশালাত । বৰ্তমানৰ জটিল সময়ৰ লগত সংগতি ৰাখি এনে এক কাৰ্যসূচী হাতত লোৱা বাবে মাজুলীৰ সচেতন লোকসকলে সংগঠনটোৰ পদক্ষেপৰ শলাগ ।
উল্লেখ্য যে, ২০১৯ বৰ্ষতে মাজুলীৰ কলাগুৰু উদীয়মান যুৱ মঞ্চই জন্ম লাভ কৰিছিল । তেতিয়াৰে পৰা সংগঠনটোৱে ৰাইজৰ হকে কাম কৰি আহিছে । বানপীড়িতক খাদ্য সামগ্ৰী যোগান ধৰা, ছাত্ৰ-ছাত্ৰীক কাগজ কলম দিয়া, মেট্ৰিকৰ পৰীক্ষাৰ্থীক কলম বিতৰণকে আদি কৰি বহু কাম কৰি ৰাইজৰ সমাদৰ লাভ কৰিছে সংগঠনটোৱে ।
লগতে পঢ়ক:যোৰহাটৰ এক বৃদ্ধ দম্পতীৰ কৰুণা গাঁথা