ETV Bharat / state

Assam flood 2022: মাজুলীত 144 ধাৰা জাৰি

মাজুলীবাসীৰ সুৰক্ষাৰ স্বাৰ্থত জিলাখনত দেওবাৰৰ পৰা 144 ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে (Section 144 implemented in Majuli) ৷ জিলা প্ৰশাসনৰ অনুমোদন অবিহনে নদীত যিকোনো ধৰণৰ নাও চলোৱাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷

author img

By

Published : Jun 20, 2022, 7:26 AM IST

section-144-implemented-in-majuli
section-144-implemented-in-majuli

মাজুলী, 20 জুন : ৰাজ্যজুৰি অব্যাহত আছে বানৰ সংহাৰ (Assam flood 2022)৷ মাজুলীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাত যোৱা 19 মে'ৰ পৰা নিমাতীৰ পৰা মাজুলীৰ ফেৰীসেৱা বন্ধ কৰি দিয়া হৈছিল (Ferry service suspend in Majuli) ৷ ইয়াৰ পাছতে মাজুলীবাসীৰ সুৰক্ষাৰ স্বাৰ্থত জিলাখনত দেওবাৰৰ পৰা 144 ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে (Section 144 implemented in Majuli) ৷

মাজুলীৰ জিলা উপায়ুক্ত পুলক মহন্তই (Majuli DC Pulak Mahanta) দেওবাৰে সংবাদমাধ্যমক জনায় যে, মাজুলীত প্ৰতি তিনিমাহৰ মূৰে মূৰে 144 ধাৰা জাৰি কৰা হয় ৷ জিলাখনত কোনো কাৰণতে চাৰিজন বা তাতোকৈ অধিক লোক সমবেত হৈ সভা অনুষ্ঠিত কৰিব নোৱাৰিব ৷ জিলা প্ৰশাসনৰ অনুমোদন সাপেক্ষেহে অনুষ্ঠিত কৰিব পাৰিব সভা ৷

কোনো ধৰণৰ প্ৰচাৰ পত্ৰিকা / বেনাৰ / পোষ্টাৰ বিতৰণ কৰাত নিষেধাজ্ঞা জাৰি কৰে জিলা প্ৰশাসনে। ইয়াৰোপৰি বানৰ কবলত পৰি ৰাজ্যৰ বহু শিশুৱে ইতিমধ্যে প্ৰাণ হেৰুৱাৰ পৰিপ্ৰেক্ষিতত মাজুলী জিলা প্ৰশাসনে নদীৰ কাষলৈ যাতে কোনো শিশু যাব নোৱাৰে তাৰ ওপৰতো চকু ৰাখিবলৈ নিৰ্দেশনা দিয়ে ৷ লগতে জিলাখনৰ মথাউৰিসমূহ 24 ঘণ্টাই নিৰীক্ষণ কৰিবলৈ এক বিশেষ দল মোতায়েন কৰা বুলি মাজুলীৰ উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷

মাজুলীত 144 ধাৰা জাৰি

উল্লেখ্য যে, মাজুলীৰ 41 খন গাঁৱৰ খেতিপথাৰ জলমগ্ন হৈছে ৷ চাপৰি অঞ্চলসমূহ জলমগ্ন হৈছে যদিও আন গাঁওসমূহ বানৰ কবলৰ পৰা সুৰক্ষিত হৈ আছে বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷ ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা উজনি মাজুলি আৰু মাজুলী চক্ৰত ভ্ৰাম্যমান স্বাস্থ্যকৰ্মীৰ দল আৰু পশু চিকিৎসকৰ দল নিয়োগ কৰা হৈছে বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷

আনহাতে অহা 21 জুনৰ ভিতৰত যদি জিলাখনত বৰষুণৰ পৰিমান কমে তেনেহ'লে কমলাবাৰীৰ ফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷ এইবাৰ মাজুলীৰ মথাউৰিসমূহ পূৰ্বতকৈ যথেষ্ট শক্তিশালীভাৱে নিৰ্মাণ কৰা হৈছিল বাবেই জিলাখন প্ৰাকৃতিক দুৰ্যোগৰ পৰা হাত সাৰিব বুলি আশাব্যঞ্জক মন্তব্য প্ৰকাশ কৰে উপায়ুক্ত পুলক মহন্তই ৷

লগতে পঢ়ক : বন্যজন্তুৰ প্ৰাণ বচাবলৈ গৈ দুৰ্ঘটনাত পতিত বন বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.