মাজুলী,16 জুন : দেওবাৰে বিয়লি মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মাজুলীত মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ দৰিয়া পাৰত মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অনুসুচিত জাতি সমাৰোহ আৰু সতী ৰাধিকা দিৱসত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত আনুষ্ঠানিকভাৱে মাজুলীত সতীৰাধিকাৰ স্মৃতি কলা ক্ষেত্ৰ স্থাপন হ'ব বুলি ঘোষণা কৰে।
ইয়াৰোপৰি মাজুলীৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত এখন সভাত মাজুলীৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিধায়ক বিমল বৰা আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী ৷ সভাত মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বিতৰ্কিত উপাচাৰ্য্য ডম্বৰুধৰ নাথো উপস্থিত থাকে ।