মাজুলী,9 মাৰ্চ: আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মনোনয়ন দাখিল কৰিলে মাজুলীত ৷ পুৱাৰ ভাগতেই মাজুলীৰ শান্তিপূৰৰ হৰিমন্দিৰত এক আধ্যাত্মিক কাৰ্যসূচীত অংশ লৈ অসমৰ প্ৰতিজন লোকৰ পৰা মৰম আৰু আশীষ বিছাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অগপ সভাপতি অতুল বৰা উপস্থিতিত মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে সৰ্বানন্দ সোণোৱালে ৷
![মাজুলীত মনোনয়ন দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10931728_fdjkgd.jpg)
উল্লেখ্য যে, সোমবাৰে গৃহ জিলা মাজুলীত উপস্থিত হোৱাৰ পাচতে প্ৰায় ১০,০০০ লোকে হৰ্ষোল্লাসেৰে আদৰণি জনাইছিল মুখ্যমন্ত্ৰী গৰাকীক ৷
লগতে পঢ়ক: আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে