ETV Bharat / state

মাজুলীৰ মায়ামৰা সত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Nov 28, 2020, 10:39 PM IST

শনিবাৰে কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপনৰ বাবে মাজুলিত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ইয়াৰ উপৰিও তেখেতে নামনি মাজুলী কৰতিপাৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু মাজুলী প্ৰশাসনৰ উদ্যোগত বহুমুখী বানপানী আশ্ৰয় শিবিৰৰ আধাৰশিলা অনুষ্ঠানতো অংশগ্ৰহণ কৰে ৷

as_maj_sarbanada-sonowal-at-mayamora-stara_vis_as10026
মাজুলীৰ মায়ামৰা সত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মাজুলী,28 নৱেম্বৰঃ মাজুলীলৈ ইখনৰ পাছত সিখন অভিলাসি আঁচনি । শনিবাৰে কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপনৰ বাবে মাজুলিত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মাজুলীৰ মেখেলী গাঁৱত অৱস্থিত আজলী আই থানত আসম দৰ্শন আঁচনিৰ অধীনত প্ৰায় 9 কোটি টকাৰ অনুদানেৰে স্থাপন হ'ব লগা প্ৰথমখন মায়ামৰা সত্ৰৰ আন্তঃগাঠনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ উপৰিও থানখনত বিভিন্ন উন্নয়নমূলক কামৰো শুভ উদ্বোধন কৰাৰ লগতে সাংস্কৃতিক কেন্দ্ৰ গৃহৰ লগতে এ.পি.ডি.চি.এলৰ দ্বাৰা নিৰ্মান হ’বলগীয়া ৫ কিলোৱাটৰ সৌৰশক্তি চালিত বিদ্যুৎ কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

ইয়াৰ পিছতে তেখেতে নামনি মাজুলী কৰতিপাৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু মাজুলী প্ৰশাসনৰ উদ্যোগত বহুমুখী বানপানী আশ্ৰয় শিবিৰৰ আধাৰশিলা অনুষ্ঠানতো অংশগ্ৰহণ কৰে ৷ এই আটাইকেইটা অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা আৰু ৰাজহ মন্ত্ৰী যোগন মহন ৷

লগতে পঢ়ক-নাওবৈচাৰ লালুকত অগপৰ জনজাগৰণ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.