ETV Bharat / state

শ্ৰীশ্ৰী ৰমানন্দ দেৱ গোস্বামী সংস্কৃত বেদ পাঠশালাৰ সংস্কাৰ যজ্ঞ

author img

By

Published : Feb 4, 2022, 2:05 PM IST

শ্ৰী শ্ৰী দক্ষিণপাট গৃহাশ্ৰমীসত্ৰস্থিত শ্ৰী শ্ৰী ৰমানন্দ দেৱ গোস্বামী সংস্কৃত বেদ পাঠশালাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় সংস্কাৰ যজ্ঞ(উপনয়ন) (Sanskar yagya organised in Majuli) ৷ সনাতন হিন্দু ধৰ্মৰ আদি পাঠ বেদ অধ্যয়ন কৰিবলৈ হ’লে বিদ্যাৰ্থীসকল সংস্কাৰ হ’ব লাগে ।

Reforms Yagya organised at Sri Sri Ramanand Dev Goswami Sanskrit Ved Pathshala
শ্ৰীশ্ৰী ৰমানন্দ দেৱ গোস্বামী সংস্কৃত বেদ পাঠশালাৰ সংস্কাৰ "যজ্ঞ"

মাজুলী, 4 ফেব্ৰুৱাৰী : উজনি অসমৰ একমাত্ৰ শ্ৰী শ্ৰী দক্ষিণপাট গৃহাশ্ৰমীসত্ৰ স্থিত শ্ৰী শ্ৰী ৰমানন্দ দেৱ গোস্বামী সংস্কৃত বেদ পাঠশালাত(Sri Sri Ramananda Dev Goswami Sanskrit Veda Pathshala) দুদিনীয়া কাৰ্যসূচীৰে সংস্কাৰ যজ্ঞ(উপনয়ন) অনুষ্ঠিত কৰা হয় (Sanskar yagya in Majuli) ৷ বিদ্যালয়খনৰ অধ্যক্ষ শ্ৰীশ্ৰী দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী জনাৰ্দ্দন দেৱ গোস্বামীয়ে জানিবলৈ দিয়ে যে সনাতন হিন্দু ধৰ্মৰ আদি পাঠ বেদ অধ্যয়ন কৰিবলৈ হ’লে বিদ্যাৰ্থীসকল সংস্কাৰ হ’ব লাগে । জন্ম সূত্ৰে কোনো ব্ৰাহ্মণ নহয় । মনুস্মিতিয়ে উল্লেখ কৰিছ ।

দক্ষিণপাট গৃহশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ

অৰ্থাৎ জন্মতে মনুষ্য শূদ্ৰ হৈ জন্মগ্ৰহণ কৰে, সংস্কাৰত দ্বিজ ব্ৰাহ্মণ হয় । বেদ পাঠৰ জ্ঞানৰ জৰিয়তে বিপ্ৰ হয়, যি ব্ৰহ্মক জানিব পাৰে । ইয়াৰ পৰা এটা কথা স্পষ্ট যে ব্ৰাহ্মণ কুলত জন্ম বালকো শূদ্ৰ হয় । সংস্কাৰ ক্ৰিয়াৰ জৰিয়তে ব্ৰাহ্মণ হয় । গতিকে আমি ২০১২ বৰ্ষৰ পৰা "বেদ" শিক্ষা ল’ব লগা বিদ্যাৰ্থীসকলক সংস্কাৰ কৰি ৱৈদিক নিয়মৰ মাধ্যমেদি মহৰ্ষি সান্দিপনী ৰাষ্ট্ৰীয় বেদ বিদ্যা প্ৰতিষ্ঠানৰ নিয়ম অনুসাৰে বেদ শিক্ষা প্ৰদান কৰি আহিছো ।

তেওঁ লগতে কয় যে, ইয়াৰ দ্বাৰা বৰ্তমান আমাৰ দুটা শ্ৰেণীৰ ছাত্ৰ আমাৰ বিদ্যালয়ৰ পৰা শিক্ষাগ্ৰহণ কৰি ওলাই গৈছে । বেদ ভূষণ উপাধি গ্ৰহণ কৰিছে । আনহাতে মাজুলীৰ ফুলনিৰ পংকজ চেত্ৰী নামৰ যুৱকজনে সুখ্যাতি অৰ্জন কৰি তিৰুপতি ইউনিভাৰ্চিটিত বিনামূলীয়াকৈ পঢ়িবলৈ সুবিধা লাভ কৰিছে । উজ্জৈয়নস্থিত আদৰ্শ বেদ বিদ্যালয়ত বিনামূলীয়াকৈ পঢ়াৰ সুবিধা অৰ্জন কৰিছে । আনহাত এই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰথম বৰ্ষৰ শিক্ষা লাভ কৰা পাছৰ পৰাই মাক দেউতাকৰ জুৰীয়া একাউণ্টত প্ৰতিমাহে এক হাজাৰ টকাকৈ সাত বছৰলৈ লাভ কৰে ।

হিন্দু ধৰ্ম সুৰক্ষা আৰু প্ৰচাৰৰ প্ৰসাৰতাৰ কাৰণে শ্ৰী শ্ৰী ৰমানন্দ দেৱ গোস্বামী সংস্কৃত বেদ পাঠশালাই কৰ্ম সম্পাদন কৰি আহিছে । এই বছৰো প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলক দুদিনীয়া কাৰ্যসূচিৰে সম্পূৰ্ণ ৱৈদিক নিয়মেৰে বেদ শিক্ষাৰ কাৰণে প্ৰায় বিশজন শিক্ষাৰ্থীক সংস্কাৰ কৰা ব্যৱস্থা কৰিছে । এই কাৰ্যত বিদ্যালয়ৰ বেদ পণ্ডিত বিদ্যালয়ৰসমূহ কৰ্মকৰ্তাই সহযোগিতা আগবঢ়ায় । স্থানীয় ৰাইজ তথা আইমাতৃসকলৰ নাম কীৰ্তনেৰে এক উলহ মালহ পৰিবেশৰ মাজেৰে সংস্কাৰ কাৰ্যসূচী সম্পন্ন কৰা হয় ।

লগতে পঢ়ক : NEET PG exam postponed: এনইইটি পিজি পৰীক্ষা ২০২২ পিছুৱাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.