ETV Bharat / state

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰঙালীৰ বজাৰলৈ আনিছে কঙালী

author img

By

Published : Mar 29, 2022, 10:36 PM IST

নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছ আৰু ঔষধ তথা নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰীকে ধৰি সমকলোতে এতিয়া মূল্যবৃদ্ধি (Rising prices of daily uses products)৷ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে সৰ্বসাধাৰণ ৰাইজৰ ।

rising-prices-of-daily-uses-products-bring-kangali-on-rangali-bihu-market
নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰঙালী বিহুৰ সময়তে বজাৰলৈ আনিছে কঙালী

মাজুলী, 29 মাৰ্চ : ক’ভিড-সৃষ্ট পৰিস্থিতিয়ে সাধাৰণ জনতাৰ অর্থনৈতিক ভেঁটি থান-বান কৰি তুলাৰ পাছতে এতিয়া মাত্ৰাধিক হাৰত খাদ্যকে ধৰি নিত্য ব্যৱহার্য সামগ্ৰীৰ দাম বৃদ্ধি হোৱাত সাধাৰণ মানুহৰ জীৱন-যাপনৰ সামগ্ৰীক ব্যৱস্থাটোক কোঙা কৰি পেলাইছে ৷ ৰেচন, পাচলি, ইন্ধনজাত সামগ্ৰী আদি সকলোতেই দাম বৃদ্ধি হৈছে (Rising prices of daily uses products) ৷ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে সৰ্বসাধাৰণ ৰাইজৰ ।

ক’ভিড-সৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাত এইবাৰ অতি উচাহ উদ্দিপনাৰে অসমীয়াৰ ৰঙালী বিহুটো পাতিবলৈ ৰাইজ সাজু হোৱা পৰিলক্ষিত হৈছিল ৷ কিয়নো ক’ভিডৰ বাবে বিগত দুটাকৈ বর্ষত বিহুকে আদি কৰি অন্যান্য উৎসৱ পালন কৰাৰ ক্ষেত্ৰত আহি পৰিছিল বিভিন্ন বাধা ৷

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰঙালীৰ বজাৰলৈ আনিছে কঙালী

সেয়েহে এইবাৰ স্বাভাৱিকতে ৰাইজ বিহুক লৈ অধিক উৎসাহিত হৈছে ৷ কিন্তু অকস্মাৎ মাত্ৰাধিক হাৰত বৃদ্ধি পোৱা সামগ্ৰীৰ মূল্যই জনতাৰ এই উছাহ যেন ম্লান কৰি পেলোৱা পৰিলক্ষিত হৈছে (Kangali on Rangali Bihu market) ৷

নিত্য ব্যৱহাৰ্য সামগ্ৰীকে ধৰি বজাৰৰ প্ৰতিবিধ সামগ্ৰীৰে বাঢ়িছে মূল্য ৷ এক কথাত বজাৰত এতিয়া জুই জ্বলিছে ৷ ইপিনে মূল্য বৃদ্ধিৰ সুযোগ লৈছে এচাম অসাধু ব্যৱসায়ীয়ে । ইফালে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰখন ।

লগতে পঢ়ক : Assam Meghalaya border dispute : গৃহমন্ত্ৰী অমিত শ্বাহৰে দিল্লীত উচ্চস্তৰীয় বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.