ETV Bharat / state

আজিৰে পৰা ৰাস মহোৎসৱ:বাঁহী খোলৰ ধ্বনিৰে মুখৰিত হৈছে চৌপাশ

author img

By

Published : Nov 29, 2020, 8:34 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাস মহোৎসৱৰ উচাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে ৷ কি উজনি কি নামনি সৰ্বত্ৰে এতিয়া ৰাসৰ প্ৰাণ ভৰা উচাহ ৷ চৰকাৰী নীতি-নিয়ম তথা ক’ভিড প্ৰ’টকল মানি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাস মহোৎসৱ ৷

as_maj_raas_vis_as10026
আজিৰে পৰা ৰাস মহোৎসৱ:বাঁহী খোলৰ ধ্বনিৰে মুখৰিত হৈছে চৌপাশ

নিউজ ডেস্ক, 29 নৱেম্বৰ : শৰতৰ চন্দ্ৰাৱলী ৰাতিৰ স্নিগ্ধ জোনাকৰ সুকোমল কোলাতেই নামি আহে শাৰদী পূৰ্ণিমা ৷ আহিন আৰু শৰতৰ সুকুমল গাথাঁই শ্যামলিমা প্ৰকৃতিৰ বুকুত কঁহুৱাৰ ৰঙ সানে ৷ শৰতৰ চন্দ্ৰাৱলী ৰাতিত কৃষ্ণৰ সুমধুৰ বংশী ধ্বনিয়ে গোপীসকলক আপ্লুত কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কৈছে –

‘শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন।

ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।।’

ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাস মহোৎসৱৰ উচাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে ৷ কি উজনি কি নামনি সৰ্বত্ৰে এতিয়া ৰাসৰ প্ৰাণ ভৰা উচাহ ৷

বৃন্দাবনলৈ পৰিণত হৈছে সত্ৰনগৰী মাজলী ৷ আজিৰে পৰা মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱৰ আৰম্ভণি... ইতিমধ্যে ৰাস প্ৰেমী ৰাইজক আকৰ্ষন কৰিবলৈ সাজু হৈ উঠিছে সত্ৰ সমূহৰ লগতে সকলো ৰংগমঞ্চ ।

এইবাৰ ৰাস প্ৰেমী ৰাইজক আদৰণি জনাবলৈ মাজুলীৰ অগ্ৰণী অনুস্থান কলাগুৰু উদীয়মান যুৱ মঞ্চ বনগাঁও মাজুলীয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। এইবাৰ ৰাস মহোৎসৱৰ দৰ্শনাৰ্থীক প্ৰায় ৫০১ গছি থলুৱা শিল্পীৰ হাতৰে নিৰ্মান কৰা চাকি জ্বলাই আদৰণি জনাবলৈ সাজু হৈছে কলাগুৰু উদীয়মান যুৱ মঞ্চই ৷

ইপিনে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ বিভিন্ন ঠাইত ৰাস মহোৎসৱক কেন্দ্ৰ কৰি কেন্দ্ৰ কৰি চলিছে ব্যাপক প্ৰস্তুতি । দিনে নিশাই আখৰাত ব্যস্ত শিল্পী সকলৰ দল । বিষ্ণুপ্ৰিয়া মনিপুৰী সম্প্ৰদায়ৰ লোকসকল সাজু হৈছে ৰাস মহোৎসৱৰ বাবে৷ এইবাৰ পাথাৰকান্দিৰ উনামগাওত ৮৩ সংখ্যক ৰাসমহোৎসৱ পালনৰ বাবে সাজু হৈছে সকলো ।

এয়া নগাঁৱৰ পুৰণিগুদামৰ দৃশ্য৷ গাঁৱে গাঁৱে ইতিমধ্যে উপস্থিত হৈছে স্বাস্থ্য কৰ্মীৰ দল । চৰকাৰী নীতি-নিয়ম মানি পুৱাৰে পৰা ৰাস উৎসৱস্থলীত উপস্থিত হৈছে স্বাস্থ্য কৰ্মীৰ দল ৷ ৰাস উদযাপন সমিতি,কলা-কুশলীৰ লগতে পৰিচালক,গায়ন-বায়ন,সূত্ৰধাৰ সকলোকে কৰোৱা হৈছে ক’ভিড-19 ৰ পৰীক্ষা ।

শৰতৰ নিশাৰ প্ৰথমখন ৰাস উদযাপন হ'ল নাৰায়ণপুৰৰ বৰপথাৰত৷ বৰপথাৰৰ শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ৰাস মহোৎসৱ৷ বচা বচা শিল্পীৰ অভিনয়েৰে উদযাপিত ৰাস মহোৎসৱ ভাগিৰ মঞ্চ উন্মোচন কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ভূপেন কুমাৰ বৰাই৷ বৰপথাৰৰ এই ৰাস মহোৎসৱত উপস্থিত থাকে অসমীয়া ছবিজগতৰ জ্যেষ্ঠ অভিনেতা অতুল পাচনি৷

এনেদৰেই ৰাজ্যৰ প্ৰান্তে প্ৰান্ত দেখিবলৈ পোৱা গৈছে ৰাসৰ উলাহ ৷ চৰকাৰী নীতি - নিয়ম তথা ক’ভিড প্ৰ’টকল মানি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাস মহোৎসৱ ৷ খোল, বাঁহীৰ সুমধুৰ ধ্বনিত বৃন্দাবন হৈ উঠিছে ৰাজ্য প্ৰতিখন ৰাসথলী ৷

লগতে পঢ়ক: নক্সালবাদীৰ আইইডি আক্ৰমণত শ্বহীদ এজন চিআৰপিএফৰ এচিষ্টেন্ট কমাণ্ডেন্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.