ETV Bharat / state

মাজুলীৰ ৰাজনীতিত ইউটাৰ্ন চিত্তৰঞ্জন বসুমতাৰীৰ সৈতে থিয় দিলে ৰাজীৱ লোচন পেগুৱে

author img

By

Published : Feb 20, 2022, 8:59 PM IST

মাজুলীৰ উপ-নিৰ্বাচনক লৈ ৰাজ্যত বলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ (Majuli by election 2022) ৷ তাৰ মাজতে AJP ৰ কাৰ্যালয়ত দেখা গ’ল প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুক (Rajib Lochan Pegu visited AJP office in Majuli) ৷

Majuli by election 2022
AJP ৰ কাৰ্যালয়ত ৰাজীৱ লোচন পেগু

মাজুলী, 20 ফেব্ৰুৱাৰী : বহু জল্পনা কল্পনাৰ অন্তত মাজুলীৰ AJP ৰ কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু (Majuli by election 2022) । চিত্তৰঞ্জন বসুমতাৰী পুৰ্ণ সমৰ্থন ৰাজীৱ লোচন পেগুৰ । সক্ৰিয়ভাৱে চিত্ৰ বসুমতাৰিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে (Rajib Lochan Pegu visited AJP office in Majuli) । প্ৰাপ্ত তথ্য অনুসৰি, কংগ্ৰেছৰ জিলা সভাপতি পদ ত্যাগ কৰাৰ পাছৰে পৰা নিস্ক্ৰিয় হৈ আছিল পেগু ।

মাজুলীৰ ৰাজনীতিত ইউটাৰ্ন চিত্তৰঞ্জন বসুমতাৰীৰ সৈতে থিয় দিলে ৰাজীৱ লোচন পেগুৱে

পৰৱৰ্তী সময়ত পেগুৰ বিজেপি গমনক লৈও সৰব হৈছিল চৰ্চা। ইয়াৰ মাজতে, দেওবাৰে মাজুলীৰ অজাপৰ কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু উপস্থিত হোৱাত সকলোতে চলিছে চৰ্চা । আনহাতে, সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ভূবন গাম সৰ্বানন্দ সোণোৱালৰ যোগ্য উত্তৰসূৰী নহয়, বিধানসভাত তেওঁ মাজুলীৰ হৈ মাত মাতিব নোৱাৰিব বুলিও মন্তব্য কৰে ৷ ইয়াৰ লগতে তেওঁ কয় যে, ‘‘ দলীয় নীতি-নিৰ্দেশ মানি আহিছো আৰু চিত্তৰঞ্জন বসুমতাৰীক সমৰ্থন কৰিবলৈ ওলাই আহিছো । কংগ্ৰেছতে আছো আৰু থাকিম’’ ।

ইয়াৰ লগতে চিত্তৰঞ্জন বসুমতাৰীক মাজুলীৰ ৰাইজে জিকাব, বাহুবল-ধনবলৰ বিৰুদ্ধে মাজুলীৰ ৰাইজে থিয় দিব বুলিও মন্তব্য কৰে পেগুৱে ৷ লগতে তেওঁ বিৰোধী দলকো কঠোৰ সমালোচনা কৰে ৷

লগতে পঢ়ক : ৰাজ্যসভা নিৰ্বাচন 2022: মুখ্যমন্ত্ৰীয়ে ভাল দেখে যাক...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.