ETV Bharat / state

Hemchandra Higher Secondary School: মাজুলীৰ হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষৰ লাইখুটা স্থাপন - শতবৰ্ষ উদযাপনৰ লাইখুটা

মাজুলীৰ প্ৰথমখন মাধ্যমিক বিদ্যালয় মাজুলী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ভৰি দিছে শতবৰ্ষত ৷ বিদ্যালয়খনৰ শতবৰ্ষ উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ ৷ আজি বিদ্যালয়ৰ চৌহদত স্থাপন কৰা হয় শতবৰ্ষ উদযাপনৰ লাইখুটা ৷ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীয়ে স্থাপন কৰে লাইখুটা ।

Preparations for centenary celebrations
মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি
author img

By

Published : Dec 28, 2022, 4:23 PM IST

মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি

মাজুলী, 28 ডিচেম্বৰ: সত্ৰনগৰী মাজুলীৰ এক অগ্ৰণী শিক্ষানুষ্ঠান হ’ল মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়( Auniati Hemchandra Higher Secondary School) । ১৯২৪ চনতেই বহুকেইগৰাকী ত্যাগী ব্যক্তিৰ অশেষ শ্ৰম আৰু ৰাইজৰ সহযোগত স্থাপন হোৱা মাজুলীৰ প্ৰথমখন মাধ্যমিক বিদ্যালয় মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শতবৰ্ষ উদযাপন বাবে ব্যাপক আয়োজন চলিছে(Preparations for centenary celebrations) ৷ ৫ জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে বৰ্ষজোৰা কাৰ্যসূচীৰ আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হ’ব ৷

মাজুলী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ লাইখুটা আজি স্থাপন কৰা হয় । লাইখুটা স্থাপন কৰে মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামীয়ে । লাইখুটা স্থাপন কৰি সত্ৰাধিকাৰগৰাকীয়ে কয় যে এই শিক্ষানুস্থান শতবৰ্ষত উপনীত হৈছে ৷ এই বিদ্যালয়খনে অতীতৰ কথা ক’ব, বৰ্তমানৰ কথা ক’ব আৰু ভৱিষ্যতৰ কথা ক’ব ৷

লগতে পঢ়ক : Puroni Bolai LPS in Dibrugarh: ডিব্ৰুগড়ৰ পুৰণি বলাই প্ৰাথমিক বিদ্যালয়ত আয়োজন শতবাৰ্ষিকী অনুষ্ঠান

সত্ৰাধিকাৰগৰাকীয়ে লগতে যিসকল ত্যাগী সন্ত লোকৰ প্ৰচেষ্টাত এই অনুষ্ঠানটিৰ জন্ম হৈছিল তথা এক গৌৰৱময় বৰ্ষত উপনীত হৈছে, তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । ইফালে বিদ্যালয়খনৰ অধ্যক্ষ কৰুণাকান্ত বৰাই শতবৰ্ষ উদযাপনৰ প্ৰসংগত কয় যে ২০২৩ চনৰ ৫ জানুৱাৰীত এই অনুষ্ঠানৰ শতবৰ্ষৰ কাৰ্যসূচী আৰম্ভণি হ’ব আৰু ২০২৪ চনৰ জানুৱাৰী মাহত বিদ্যালয়খনে শতবৰ্ষ সম্পূৰ্ণ কৰিলে তিনিদিনীয়া ব্যাপক কাৰ্যসূচীৰে এই অনুষ্ঠানৰ সামৰণি পৰিব ।

অধ্যক্ষগৰাকীয়ে বিদ্যালয়খনৰ শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে ৷ এই শতবৰ্ষ কাৰ্যসূচী বিদ্যালয়ৰ চৌহদৰ মাজতে আৱদ্ধ নাৰাখি বিভিন্ন স্থানত আয়োজন কৰা পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে অধ্যক্ষগৰাকীয়ে ৷ তেওঁ শতবৰ্ষ অনুষ্ঠানৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা যিমান পাৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ লগত যোগাযোগ কৰি থকাৰ কথা জানিবলৈ দিয়ে ৷

অধ্যক্ষগৰাকীয়ে যিসকল প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে এই শতবৰ্ষ অনুষ্ঠানৰ বিষয়ে জানিব পৰিছে সকলোকে বিদ্যালয়খনৰ শতবৰ্ষ উদযাপন সমিতি তথা বিদ্যালয়ৰ তৰফৰ পৰা গঠন কৰা প্ৰাক্তন ছাত্ৰ সমন্বয়ৰক্ষী সমিতিৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় । তেওঁ বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী-ছাত্ৰীসকল এই শতবৰ্ষ অনুষ্ঠানৰ মধ্যমণি হ’ব বুলি জানিবলৈ দিয়ে ৷ অনুষ্ঠানটি সুন্দৰভাৱে সমাপন কৰিবলৈ সকলোৰে প্ৰাক্তন ছাত্ৰী-ছাত্ৰীসকলৰ লগতে সকলোৰে সহায় সহযোগিতা বিচাৰিছে অধ্যক্ষগৰাকীয়ে ।

লগতে পঢ়ক : Alumni Meet at Nagaon Govt Girls High School: প্ৰাক্তন ছাত্ৰীৰে উখল মাখল নগাঁও চৰকাৰী বালিকা বিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.