মাজুলী,৪ আগষ্ট : মাজুলীক প্ৰতিনিধিত্ব কৰা সৰ্বানন্দ সোণোৱাল এসময়ত অসমৰ মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী । কিন্তু আজিও একেই পৰিৱেশ মাজুলীৰ । চৰকাৰে ৰাজ্যত উন্নয়নৰ ঢাক ঢোল বজোৱাৰ সময়তে মাজুলীত দেখা গৈছে উন্নয়নৰ বিপৰীত ছবি । বৰ্তমান সময়ত জোৰা টাপলি মাৰি চলিছে মাজুলীৰ স্বাস্থ্য বিভাগ । দুই লক্ষ মাজুলীৰ জনতাৰ সাৰথি মাত্ৰ এখন ১০৮ নৌকা সেৱা । যদিও মাজুলীত ৪ খন ১০৮ নৌকা সেৱা আছে তাৰে বিকল ৩ খনকৈ ১০৮ নৌকা (Poor condition of 108 boat services in Majuli)।
ইয়াৰ মাজতে কমলাবাৰী ঘাটৰ পৰা চলি থকা ১০৮ নৌকাখন পুনৰ অফলামুখলৈ আনে স্বাস্থ্য বিভাগে । বৃহস্পতিবাৰৰ পৰা অফলামুখৰ পৰা নিমাতি লৈ চলিছে এই নৌকাখন । এতিয়াৰে পৰা ৰাইজে কমলাবাৰী ঘাটৰ পৰা নাপাব ১০৮ নৌকা সেৱা কিয়নো ১০৮ নৌকা সেৱাৰ তিনিখন নৌকা বিকল হৈ আছে (108 boat services in Majuli have failed)। তিনি মাহৰো অধিক সময় বিকল মাজুলীৰ একমাত্র ১০৮ নাইট ভিজন নৌকা সেৱা । এই তিনিখন ১০৮ ফেৰীৰ ভিতৰত অফলা ঘাটত বিকল হৈ পৰি আছে দুখন ১০৮ ফেৰী আৰু কমলাবাৰী ঘাটত বিকল আন এখন ফেৰী । এনে পৰিস্থিতিত এতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে মাজুলীবাসী । স্বাস্থ্য বিভাগে মাজুলীবাসীক অৱহেলাৰ দৃষ্টিৰে চোৱাৰ অভিযোগ কৰিছে বিভিন্নজনে (Health department neglects Majuli residents)।
ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে । অতি শীঘ্ৰে বিকল তিনিখন নৌকা কাৰ্যক্ষম কৰি তুলিবলৈও দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই । স্বাস্থ্য বিভাগ লগতে প্ৰশাসনে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰিলে আন্দোলনৰো হুংকাৰ দিয়ে আছুৱে ।
লগতে পঢ়ক :Rail blockade at Bihpuria: বিহপুৰীয়াৰ হাৰমতীত ৰে’ল অৱৰোধ