ETV Bharat / state

Plum Cultivation in Majuli : 35 বছৰে বিনা বেতেনেৰে শিক্ষকতা কৰা পিতৃক সুখী কৰিলে মাজুলীৰ জীৱন্তই - Kashmiri red plum cultivation in Majuli

মানুহে এনেই নকয়- বাকৰি মাটিতো আছে ধন ৷ নহ’লেনো 30 বছৰে এটকাও লাভ নকৰা এজন পিতৃয়ে 9 মাহত 4-5 লাখ টকা লাভ কৰি সুখী হ’ব পাৰেনে ! মাজুলীৰ জীৱন্তই যি সিদ্ধান্ত লৈ পৰিয়ালটোলৈ হাঁহি ঘূৰাই আনিলে, সেই সিদ্ধান্তৰ প্ৰতিবেদন আপোনাৰ বাবেও অতিকে প্ৰয়োজনীয় (Plum Farming in Majuli)৷

Plum Cultivation in Majuli
বিনা বেতেনেৰে শিক্ষকতা কৰা পিতৃক সুখী কৰিলে মাজুলীৰ জীৱন্তই
author img

By

Published : Dec 24, 2022, 7:10 PM IST

বিনা বেতেনেৰে শিক্ষকতা কৰা পিতৃক সুখী কৰিলে মাজুলীৰ জীৱন্তই

মাজুলী, 24 ডিচেম্বৰ: 35 বছৰে অপ্ৰাদেশীকৃত বিদ্যালয়ত(Non provincialised school in Assam) শিক্ষকতা কৰি চৰকাৰৰ পৰা এটকাও চুবলৈ নোপোৱা এজন পিতৃৰ মুখত এতিয়া হাঁহিৰ বিৰিঙণি ৷ উদ্যমী পুত্ৰৰ পৰামৰ্শ মানি পৰিয়ালটোৱে 4ৰ পৰা 5 লাখ টকা লাভ কৰাৰ পথত অগ্ৰসৰ হৈছে ৷

‘‘মা এইবাৰ ধানখেতি নকৰিব ৷ আমাৰ মাটিখিনিত বগৰীৰ পুলি ৰুম’’- মাজুলীৰ উদ্যমী যুৱক জীৱন্ত দাসৰ এইষাৰ বাক্যৰ পাছতেই সলনি হ’ল দৰিদ্ৰ পৰিয়ালটোৰ ভাগ্য ৷ বাকৰি মাটিৰ পৰা ধন ঘটাৰ সপোনক সাকাৰ ৰূপ দিবলৈ সক্ষম হ’ল ধনৰ অভাৱত বেজাৰে খোপনি পোঁতা পৰিয়ালটোত ৷ ধানখেতিৰ বাবে অনুপযোগী মাটিত বগৰীৰ খেতি কৰি সফলতাৰ বাটত খোজ লৈছে পৰিয়ালটোৱে ৷

আন বহুতৰে বাবে আদৰ্শ হ’বলগীয়া মাজুলীৰ উদ্যমী যুৱকজনৰ নাম জীৱন্ত দাস ৷ জীৱনৰ অধিক সময় বিনা বেতনেৰে শিক্ষাদান কৰি ভাগৰি পৰা পিতৃক সকাহ দিবলৈ এদিন ঘৰৰ পৰা ওলাই গৈছিল জীৱন্ত ৷ কিবা এটা কৰাৰ সপোনটোক খেদি খেদি উপস্থিত হৈছিল বাংগালুৰুত ৷ বাংগালুৰুত উপস্থিত হৈ যুৱকজনে এটা কাৰ্যালয়ত তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাবে ন্যূনতম দৰমহাত যোগদান কৰে ৷

সেই সময়তে জীৱন্ত কলকাতাৰ এজন যুৱকৰ লগত চিনাকি হৈ গঢ়ি তুলিছিল বন্ধুত্ব ৷ এদিন বন্ধুৰ ঘৰলৈ যোৱাৰ পাছতেই চকু মেল খালে জীৱন্ত দাসৰ ৷ কলকাতাত এখন বগৰীৰ বাৰী প্ৰত্যক্ষ কৰি গাঁৱৰ ঘৰখনৰ মাটিখিনিলৈ চেৰেংকৈ মনত পৰিল যুৱকজনৰ (Plum cultivation in Kolkata)৷ বালিচহীয়া হোৱাৰ বাবে মাজুলীৰ উক্ত মাটিখিনিত ভাল নহয় ধানখেতি ৷ কলকাতাৰ উক্ত বগৰীৰ বাগানখনৰ মালিকৰ সৈতে কথা পাতি জীৱন্ত দাসে ল’লে এক সিদ্ধান্ত ৷ বগৰীৰ খেতি কৰিব ঘৰৰ মাটিখিনিত (Plum Farming in Majuli)৷

সেই অনুসৰিয়েই মাজুলী ভুৰামৰাৰ জীৱন্তই মাতৃক ফোন কৰি জনালে যে, এইবাৰ ধানখেতি কৰিব নালাগে মাটিখিনিত ৷ তাত উন্নত প্ৰজাতিৰ বগৰীৰ খেতি কৰিব ৷ জীৱন্তৰ পৰামৰ্শক সঁহাৰি জনালে পিতৃ-মাতৃয়েও ৷ ইয়াৰ পাছতে কোম্পানীৰ চাকৰি এৰি গৃহাভিমুখী হ’ল জীৱন্ত ৷ বগৰীৰ বাগানে দেখুওৱা সপোনটোক সাকাৰ ৰূপ দিবলৈ হাতে-কামে লাগি গ’ল পৰিয়ালটো ৷ সেয়া আছিল 9 মাহ পূৰ্বৰ কথা ৷

ঘৰৰ তিনি বিঘা মাটিত কাশ্মিৰী আপেল বগৰী, সুন্দৰী বেৰ আৰু ৰেড বেৰ নামৰ তিনিটা উন্নত প্ৰজাতিৰ তিনিশটা বগৰীৰ পুলি আজিৰ পৰা ৯ মাহৰ পূৰ্বে ৰোপন কৰিলে জীৱন্ত দাসে ৷ ওৰেটা জীৱন বিনা পাৰিশ্ৰমিকেৰে শিক্ষাদান কৰা পিতৃৰ লগতে মাতৃয়েও বগৰীৰ পুলিকেইটাক নিজ সন্তানৰ দৰেই লালন-পালন কৰিবলৈ আৰম্ভ কৰিলে ৷ কেৱল নিশাটো ঘৰখন থাকি অধিকাংশ সময়েই বগৰীৰ পুলিকেইটাক দিবলৈ ল’লে পৰিয়ালটোৰ তিনিও সদস্যই ৷

তেনেদৰেই 9 টা মাহ বাগৰিল ৷ ঘৰখনৰ তিনি সদস্যৰ লালন পালনত সন্তানসদৃশ পুলিকেইটা এতিয়া ডাঙৰ হৈ গছ হ’ল ৷ বগৰীৰ গছবোৰত এতিয়া সপোনবোৰ ফুলি উঠিছে ৷ ক্ষীণকায় ডালবোৰত লমালমে লাগিছে গুটি ৷ ডালবোৰৰ ভৰ বঢ়াই ওলমি থকা বগৰীবোৰে এতিয়া পৰিয়ালটোৰ তিনিওৰে মুখত জিলিকাইছে হাঁহি (Kashmiri red plum cultivation in Majuli)৷

35 বছৰত এটকাও আয় নকৰা পিতৃয়ে 9 মাহতে এই বগৰীৰ পৰা লাভ কৰিব প্ৰায় 4ৰ পৰা 5 লাখ টকা ৷ স্বাভাৱিকতেই ঘৰখনত এতিয়া সুখৰ উভৈনদী ৷ মাজুলীৰ জীৱন্ত এতিয়া সুখী ৷ সুখী পিতৃ-মাতৃ ৷ বগৰীয়ে দূৰ কৰা বেদনা বাতৰি বিয়পি পৰিছে মাজুলী চৌদিশে ৷ সকলোৱে আশা কৰিছে- এই বাটৰেই বাট লওক আন বহুতে ৷

লগতে পঢ়ক: Labour Found Diamond: ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ পৰিল এজন শ্ৰমিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.