ETV Bharat / state

Cattle syndicate in Majuli : গোগামুখ-মাজুলী হৈ লখিমপুৰলৈ গৰুৰ চোৰাং ব্যৱসায় - cow smuggling in Majuli

গোগামুখৰ পৰা মাজুলী হৈ লখিমপুৰলৈ আব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় ৷ সপ্তাহত বিশেষ ফেৰীৰে চোৰাংকৈ সৰবৰাহ কৰা হয় প্ৰায় 2000 ৰো অধিক গৰু (Cattle syndicate in Assam)৷

cow smuggling in Majuli
গৰুৰ চোৰাং ব্যৱসায়
author img

By

Published : Apr 10, 2023, 10:52 AM IST

Updated : Apr 10, 2023, 11:00 AM IST

গৰুৰ চোৰাং ব্যৱসায়

মাজুলী, 10 এপ্ৰিল : ৰাজ্য চৰকাৰে গো-সুৰক্ষা আইন প্ৰৱৰ্তন কৰি গৰুৰ চোৰাং বেহা বন্ধ কৰাৰ পদক্ষেপক বুঢ়া আঙুলি দেখুৱাই ৰাজ্যত বৰ্তমানেও একাংশ অসাধু চক্ৰই অব্যাহত ৰাখিছে গৰুৰ বৃহৎ চোৰাং ব্যৱসায় । এই বৃহৎ গো-চক্ৰটোয়ে ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অবৈধভাৱে ক্ৰয় কৰা হেজাৰ হেজাৰ গৰু ঢকুৱাখনা হৈ লখিমপুৰ জিলাৰ পূৱ তেলাহীলৈ লৈ আনে বুলি জানিবলৈ পৰা গৈছে । একাংশই পুৱ তেলাহীৰ নআলি-ঘাৰমুক পাৰঘাট আৰু আন একাংশই ললিতি মৰাং-ডাম্বুকিয়াল পাৰ ঘাটেদি গৰুৰ বৃহৎ চোৰাং ব্যৱসায় অব্যাহত ৰাখিছে বুলি স্থানীয় সূত্ৰত প্ৰকাশ (Cattle Smuggling in Assam) ।

উল্লেখ্য যে, গৰুৰ এই চোৰাং ব্যৱসায় দীৰ্ঘদিন ধৰি চলি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে । স্থানীয় সাংবাদিকে গোপনে চলোৱা অভিযানত লোহিত খাৱলু গাঁও পঞ্চায়তৰ ললিতি মৰাং-ডাম্বুকিয়াল পাৰঘাটত দুখন বিশেষ ফেৰীৰে চোৰাং গৰু পাৰ কৰোৱাৰ দৃশ্য কেমেৰাত আৱদ্ধ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মাজুলীৰ গড়মূৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক পাৰ্থ সাৰথি বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ললিতি মৰাং-ডাম্বুকিয়াল পাৰঘাট, খাবলু পাৰঘাটকে ধৰি লোহিত খাবলুৰ বিভিন্ন অঞ্চলত অভিযান চলায় যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে দুখন বিশেষ ফেৰীৰে চোৰাং গৰু লখিমপুৰৰ বঙালমৰালৈ পাৰ কৰি নিবলৈ সক্ষম হয় সৰবৰাহকাৰী দলে (Police raids against smuggling cows in Majuli) ।

লোহিত খাৱলু পঞ্চায়তৰ অন্তৰ্গত ডাম্বোকিয়াল ঘাটেৰে গৰুৰ অবৈধভাৱে সৰবৰাহ অব্যাহত ৰাখিছে একাংশ অসাধু চক্ৰই ৷ উল্লেখযোগ্য যে চলিত বর্ষত এই অবৈধ গৰু সৰবৰাহ চক্রটো অধিক সক্রিয় হৈ পৰা পৰিলক্ষিত হৈছে । গৰুৰ অবৈধভাৱে সৰবৰাহৰ বিৰুদ্ধে স্থানীয় আৰক্ষী সদা সতৰ্ক হৈ থাকিব বুলি উল্লেখ কৰাৰ লগতে এই অভিযানত লোহিত খাৱলীৰ স্থানীয় ৰাইজৰ সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় গড়মুৰ সদৰ থানাৰ আৰক্ষী বিষয়া পাৰ্থ সাৰথি বৰাই (Garamur Police station Majuli) ৷

লগতে পঢ়ক : Suicide in Nalbari: নলবাৰীত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

Last Updated : Apr 10, 2023, 11:00 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.