ETV Bharat / state

ক’ভিড প্ৰট’কল উলংঘা কৰি মাজুলীলৈ বিপদ মাতিছে একাংশই

author img

By

Published : May 18, 2021, 7:30 PM IST

মাজুলীতো একাংশ‌ লোকে এতিয়াও মানি চলা নাই ক’ভিড প্ৰট’কল । মাজুলীৰ উজনি মাজুলী অসম গ্ৰামীণ বিকাশ বেংকত মঙলবাৰে দেখা গ’ল দীঘলীয়া শাৰী । একাংশৰ মুখত নাই মাস্ক, মানি চলা নাই সামাজিক দূৰত্ব ।

people-break-covid-protocol-in-majuli
ক’ভিড প্ৰট’কল উলংঘা কৰি মাজুলীলৈ বিপদ মাতিছে একাংশই

মাজুলী, 18 মে’: সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিডৰ দ্বিতীয় ঢৌৱে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ কিন্তু ক’ভিডৰ ভয়াৱহতাৰ এই সময়তো একাংশ লোকে চৰকাৰৰ নীতি নিৰ্দেশনা উলংঘা কৰা পৰিলক্ষিত হৈছে । মাজুলীতো একাংশ‌ লোকে এতিয়াও মানি চলা নাই ক’ভিড প্ৰট’কল ।

মাজুলীৰ উজনি মাজুলী অসম গ্ৰামীণ বিকাশ বেংকত মঙলবাৰে দেখা গ’ল দীঘলীয়া শাৰী । একাংশৰ মুখত নাই মাস্ক, মানি চলা নাই সামাজিক দূৰত্ব । ইতিমধ্যে মাজুলীৰ কেইবাটাও অঞ্চলত কৰ’ণাৰ গণ সংক্ৰমণৰ তথ্যও পোহৰলৈ অহিছে ৷ ইতিমধ্যে জিলাখনত 165 গৰাকী লোক এই মহামাৰীত আক্ৰান্ত হৈছে ৷

যিটো সময়ত ক'ভিডক প্ৰতিহত কৰাৰ বাবে চৰকাৰে বিভিন্ন নীতি নিৰ্দেশনা প্ৰৱৰ্তন কৰিছে ৷ সেই সময়তেই এনেধৰণৰ দৃশ্যই সকলো সচেতন লোকৰ মনলৈ শংকা কঢ়িয়াই আনিছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ শোক পত্ৰ লৈ প্ৰয়াত হোমেন বৰগোহাঞিৰ বাসগৃহত মন্ত্ৰী পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.