ETV Bharat / state

ঐতিহাসিক আউনীআটী সত্ৰত 5 দিনীয়া পালনাম মহোৎসৱ

author img

By

Published : Nov 11, 2020, 8:55 PM IST

বুধবাৰৰ পৰা 5 দিনীয়াকৈ মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত পালনাম মহোৎসৱ আৰম্ভ ৷ সম্পূৰ্ণ ক’ভিডৰ নীতি-নিয়ম মানি পালন কৰা হ’ব এই পালনাম মহোৎসৱটি ৷

palnam in auniati satra majuli
আউনীআটী সত্ৰত 5 দিনীয়া পালনাম মহোৎসৱ

মাজুলী, 11 নৱেম্বৰ : ক’ভিডৰ ভয়াৱহতাৰ মাজতে বুধবাৰৰ পৰা 5 দিনীয়াকৈ মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত আৰম্ভ হৈছে পালনাম মহোৎসৱ । এই পালনাম মহোৎসৱত অংশগ্ৰহণ কৰিব আঢ়ৈ লাখ ভক্তই । ভক্তসকলৰ সকলোকে বান্ধি দিয়া হৈছে ক’ভিডৰ নীতি-নিয়ম ।

এই মহোৎসৱত মাজুলীৰ লগতে সত্ৰখনৰ বিভিন্ন প্ৰান্তত থকা ভক্তসকলে গোবিন্দৰ চৰণত এগছি বন্তি,দণ্ড,খৰছা, লোন আগবঢ়াই মনোকামনা পূৰণৰ বাবে সত্ৰখনত ভিৰ কৰেহি । প্ৰায় তিনিশ বছৰত ভৰি দিয়া পালমানৰ ধ্বনি আৰম্ভ হৈছে আউনীআটী সত্ৰত । দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে আউনীআটী সত্ৰ । নামৰ নৌকা প্ৰতিষ্ঠা কৰি চাৰিহাটীৰ বৈষ্ণৱসকলে পাল পাতি নামপ্ৰসংগ কৰিব । প্ৰতিবছৰে এই পালনামত 5 লাখ ভক্তই অংশগ্ৰহণ কৰে যদিও এইবাৰ আঢ়ৈ লাখ ভক্তহে আহিব বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে ।

আউনীআটী সত্ৰত 5 দিনীয়া পালনাম মহোৎসৱ

আনহাতে সত্ৰখনৰ পালনাম মহোৎসৱক কেন্দ্ৰ কৰি অস্থায়ীভাৱে অনুষ্ঠিত হোৱা মেলাখনে পালনাম মহোৎসৱটিক অধিক আকৰ্ষণ কৰি আহিছে যদিও এইবছৰ মেলাৰ সংখ্যা কমোৱাৰ লগতে তিনিমিটাৰ দূৰত্ব বজাই ৰাখি দোকান দিয়াৰ নিৰ্দেশ দিয়াৰ লগতে ক্ৰেতা-বিক্ৰেতাই পিন্ধিৱ লাগিব মাস্ক । চৰকাৰ আৰু প্ৰশাসনে নিৰ্ধাৰণ কৰা ক’ভিড প্ৰট’কল অনুসৰি পালন কৰিব লাগিব এই মহোৎসৱ ।

সত্ৰখনৰ পালনামৰ লগত সংগতি ৰাখি বহা-মেলা বা চাকি-বন্তিকে ধৰি বিভিন্ন অস্থায়ী দোকানসমূহ এইবাৰ দেখা পোৱা নাযাব । উৎসৱটি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰি দূৰ-দূৰণি ভক্তসকলৰ ক’ভিড টেষ্টৰ ব্যৱস্থা কৰা হৈছে । ভকত বৈষ্ণৱৰ লগতে যিসকল ভক্তই পালনাম অনুষ্ঠানত সেৱা ল’বলৈ যায় সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে চেনিটাইজ কৰিব লাগিব ।

লগতে পঢ়ক : বাক্সাত বিটিআৰ চুক্তিৰ বিৰোধিতাৰে গণ সুৰক্ষা পাৰ্টিৰ চাইকেল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.