ETV Bharat / state

ডিঙিত গামোচা লৈ মাজুলীত জাৰ্মানীৰ প্ৰিটৰ মিলাৰ - ডিঙিত গামোচা লৈ মাজুলীত জাৰ্মানীৰ প্ৰিটৰ মিলাৰ

জাহ্নু বৰুৱাৰ ঘৰত আয়োজন কৰা হয় নাম-প্ৰসংগৰ ৷ এই অনুষ্ঠানতে ভাগ লৈ অসমীয়া শংকৰী সংস্কৃতিৰ অনুৰাগী জাৰ্মানীৰ প্ৰিটৰ মোলাৰে ৷ কেৱল সেয়াই নহয়, পৰ্যটকগৰাকীয়ে ভকতৰ প্ৰসংগত নিজৰ মৃত পিতৃ মাতৃৰ আত্মাৰ শান্তি বিছাৰি আঠু লয়।

জাৰ্মানীৰ প্ৰিটৰ মিলাৰ
author img

By

Published : Nov 24, 2019, 7:29 PM IST

মাজুলী, 24 নৱেম্বৰ: বৈষ্ণব ধৰ্মৰ প্ৰতি আকৃষ্ট এগৰাকী বিদেশী পৰ্যটক ৷ মাজুলীৰ গোপালপুৰৰ জাহ্নু বৰুৱা নামৰ ব্যক্তিজনৰ বাসগৃহত অনুষ্ঠিত নাম-প্ৰসংগত ভাগ লৈছে পৰ্যটকগৰাকীয়ে ৷ পিন্ধনত ধূতি, কুৰ্তা আৰু ডিঙিত অসমীয়াৰ স্বাভিমান গামোচা লৈ ভকতৰ সাজত চাপৰি বজাই হৰি নাম লৈছে সুদূৰ জাৰ্মানীৰ পৰা অহা প্ৰিটৰ মিলাৰে।

জাৰ্মানীৰ প্ৰিটৰ মিলাৰ

দৰাচলতে, জাহ্নু বৰুৱাৰ ককাদেউতাক তথা গোপালপুৰৰ মহেশ্বৰ লেণ্ডৰ স্বত্বাধিকাৰ মহেশ্বৰ বৰুৱাৰ দেওবাৰে বছৰেকীয়া শ্ৰাদ্ধ ৷ সেয়ে জাহ্নু বৰুৱাৰ ঘৰত আয়োজন কৰা হয় নাম-প্ৰসংগৰ ৷ এই অনুষ্ঠানতে ভাগ লৈছে অসমীয়া শংকৰী সংস্কৃতিৰ অনুৰাগী জাৰ্মানীৰ প্ৰিটৰ মোলাৰে ৷ কেৱল সেয়াই নহয়, প্ৰসংগত নিজৰ মৃত পিতৃ-মাতৃৰ আত্মাৰ শান্তি বিছাৰি ভকতৰ আগত আঠু লয় পৰ্যটকগৰাকীয়ে৷

লগতে পঢ়ক:11 শ মুগা পালকৰ ভৰসা 'চেৰিফেদ ক'ৰপৰেটিভ ছচাইটি'

উল্লেখ্য যে, পেছাত অধ্যাপক পৰ্যটকগৰাকী অৱসৰৰ পাচত বিনোদনৰ উদ্দেশ্যে আহিছে মাজুলীলৈ । মাজুলীৰ আতিথ্যত আপ্লুত জাৰ্মানীৰ মিলাৰ। যি সময়ত ধৰ্মক লৈ শীতল বিবাদ, জাতিক লৈ সংঘৰ্ষ চলিব ধৰিছে তেনে সময়ত এইজন জাৰ্মানীৰ পৰ্যটকে দেখুওৱা এই সংস্কাৰ বহুতৰ বাবে আদৰ্শস্বৰূপ ।

Intro:পিন্ধনত ধূতি অাৰু কুৰুতা, ডিঙিত অসমীয়াৰ স্বাভিমান গামোচা…
সম্পূৰ্ন ভকতৰ সাজত চাপৰি বজাই নাম গায় থকা এও জাৰ্মানীৰ প্ৰিটৰ মিলাৰ।

হয় , সম্পূৰ্ন ভকতৰ সাজত এইজন জাৰ্মানীৰ পৰ্যটক মাজুলীৰ গোপালপুৰত এখন ঘৰত অনুষ্ঠিত মৃতকৰ বছেৰেকীয়া শ্ৰাদ্ধত এনেদৰে দেখা গল দেওবাৰে।

অসমীয়া শংকৰী সংস্কৃতিৰ অনুৰাগী জাৰ্মানীৰ প্ৰিটৰ মোলাৰ ভকতৰ শাৰীত বহি নাম প্ৰসংগ ধৰিছে, চাপৰিও বজাইছে। কেৱল সেয়াই নহয়, প্ৰিটৰ মোলাৰ নামৰ পৰ্যটক জনে নিজৰ মৃত পিতৃ মাতৃৰ অাত্মাৰ শান্তি বিছাৰি অাঠু ও লৈছে। শেষত ভকতৰ সৈতে মাহ প্ৰসাদ খোৱাতো ব্যস্ত হৈ পৰিছে জাৰ্মানীৰ পৰ্যটক গৰাকী।

বাইট……প্ৰিটৰ মোলাৰ…

অসমীয়া সংস্কৃতিৰ প্ৰমত পৰা প্ৰিটৰ মোলাৰ যোৱা ৪ দিন ধৰি মাজুলীৰ মহেশ্বৰ লেণ্ড নামৰ অালহী ঘৰ তোত আছে। মহেশ্বৰ লেণ্ড ৰ স্বতাধিকাৰী তথা নাতি জাহ্নু বৰুৱা য়ে অায়োজন কৰা ককাক মহেশ্বৰ বৰুৱা ৰ অাজি বছেৰেকীয়া শ্ৰাদ্ধত ভকতৰ সাজত অংশ লৈছে জাৰ্মানীৰ পৰ্যটক জনে । পেছাত অধ্যাপক জাৰ্মানীৰ এইজন পৰ্যটক। অৱসৰৰ পাছত বিনোদনৰ উদ্দেশ্যে মাজুলী লৈ অাহিছে মোলাৰ। অাৰু দহ দিন থাকি যোৱাৰ ইচ্ছা পৰ্যটক জনৰ।মাজুলীৰ হাৱা পানী, কৃষ্টি সংস্কৃতিৰে মিলি পৰিছে মোলাৰ।

বাইট…… জাহ্নু বৰুৱা স্বতাধিকাৰ

ইপিনে মাজুলীৰ অাতিথ্যত অাপ্লুত জাৰ্মানীৰ মিলাৰ। যি সময়ত ধৰ্ম ক শীতল বিবাদ, জাতিক লৈ সংঘৰ্ষ চলিব ধৰিছে তেনে সময়ত এইজন জাৰ্মানী ৰ পৰ্যটকে দেখুওৱা এই সংস্কাৰ বহুতৰ বাবে অাদৰ্শ । উল্লেখ্য যে শীতৰ অাগমনৰ লগে মাজুলীত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। পৰ্যটনৰ মান চিত্ৰত মাজুলী দোপত দোপে অাগবাঢ়িছে। হাজাৰ টা নেতিবাচক খবৰৰ মাজত যেন ই এক ইতিবাচক খবৰ হৈ পৰিছে।Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.