মাজুলী, 19 জানুৱাৰী: মাজুলীত অনুষ্ঠিত হৈ যোৱা মনগীত মহোৎসৱ ২০২৩ ৰ সফল সামৰণি (Mongeet Festival 2023) ৷ মাজুলীৰ লোহিত নদীৰ পাৰত অনুষ্ঠিত হৈছিল বাৰ্ষিকভাৱে আয়োজিত মনগীত মহোৎসৱ ৷ মনগীতত অংশগ্ৰহণ কৰিবলৈ লুইতৰ বাকৰিত সমাহাৰ ঘটিছিল অসমৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বহু শিল্পীৰ (Mongeet Festival concludes) ।
ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ উদ্যোগত ৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছিল মনগীতৰ সংগীত মহোৎসৱখনি (Music of the soul at Mongeet in Assam) ৷ মঙলবাৰে নিশা আনন্দিতা পাল, পাৰ্বতী বাউল, নিলোৎপল বৰা, জয় বৰুৱা, সংকুৰাজ কোঁৱৰ, অংগৰাগ পাপন মহন্তৰ সংগীতৰ মায়াজালত মোহাচ্ছন্ন হৈ পৰে উপস্থিত দৰ্শক ।
মনগীতৰ সংগীত মহোৎসৱ উপস্থিত আছিল আদিল হুছেইন, ৰীমা দাস, ধ্ৰুবজ্যোতি ফুকনকে আদি কৰি বহুকেইগৰাকী শিল্পীৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি । অসমৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পী সকলে উঠি অহা প্ৰজন্মক কিবা এটা শিকোৱাৰ লগতে সমাজৰ বাবে কিবা এটা কৰাৰ মানসেৰে প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে মনগীত ।
লগতে পঢ়ক: Magh Bihu 2023 : মাজুলীত একেলগে মেজিত জুই দিলে আদিল হুছেইন, ৰীমা দাস, জয় বৰুৱাসহ বহুজনে
অনুষ্ঠানটোত উপস্থিত খ্যাতনামা শিল্পীসকলৰ পৰা কিবা এটা শিকাৰ মানসেৰে এইবাৰো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ন-শিকাৰু সকলেও ভিৰ কৰিছিলহি লুইতৰ পাৰ । ন-শিকাৰুসকলক মনগীতৰ জৰিয়তে এক বিশেষ পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত কাম কৰি যোৱাৰ সংকল্পৰে সামৰণি পৰে এইবাৰৰ মনগীত ।
উল্লেখ্য যে অসমৰ একাংশ শিল্পী, গীতিকাৰ, অভিনেতাৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলতে অসমীয়া সংগীত ক্ষেত্ৰখনৰ ইতিহাসত নতুন মাত্ৰা প্ৰদান কৰি 2020 বৰ্ষত সৃষ্টি হৈছিল নতুন এক সাংগীতিক ধাৰা ‘মনগীত’ (Assam to Celebrate Mongeet Festival of Music) ৷
তাৰ পিছৰে পৰাই অসমৰ বাপতিসাহোন ভোগালী বিহুৰ মাজতে সংগীত জগতৰ কলাকাৰসকলে থলুৱা কথা-সুৰ-বাদ্যৰে ‘মন গীত’ - ‘Soul Song,’ অনুষ্ঠিত কৰি আহিছে ৷ এইবাৰো এই বৃহৎ অনুষ্ঠানৰ সাক্ষী হৈ ৰ’ল মাজুলীৰ উত্তৰ বাহিনী নৈ ‘লোহিত’ আৰু প্ৰখ্যাত ৰিজ’র্ট ‘ডেকা চাং’ (Mongeet festival in Assam) ৷
লগতে পঢ়ক: Mongeet Festival 2023: মাজুলীৰ লুইতৰ পাৰত মননশীল গীতৰ চলিছে আখৰা