ETV Bharat / state

মহামাৰীয়ে বিপদ মাতিছে মাজুলীৰ মুখা শিল্পলৈ

author img

By

Published : May 16, 2021, 1:48 PM IST

Updated : May 16, 2021, 2:16 PM IST

মাজুলীৰ চামগুৰি সত্ৰত নিমাও-মাও পৰিৱেশ ৷ কৰ’ণাৰ ভয়াৱহতাৰ বাবে মুখা শিল্প চাবলৈ উপস্থিত হোৱা নাই দেশী-বিদেশী পৰ্যটক ৷ শংকাত ভুগিছে মুখা শিল্পীসকল ৷

majuli mask art
কৰ’ণাত স্তব্ধমান মাজুলীৰ মুখা শিল্প

মাজুলী,16 মে’ : মাজুলীৰ চামগুৰি সত্ৰৰ মুখা শিল্পলৈ দুৰ্যোগ কঢ়িয়াই আনিছে মহামাৰী কৰ’ণা ভাইৰাছে । মাজুলীৰ চামগুৰি সত্ৰত এইবাৰ মুখা শিল্প চাবলৈ ভিৰ কৰা নাই দেশী-বিদেশী পৰ্যটকে । মাজুলীৰ পৰ্যটনস্থলী বুলি ক’লেই মনলৈ আহে বিশ্ববিখ্যাত চামগুৰি সত্ৰৰ মুখা শিল্পৰ কথা । চামগুৰি সত্ৰৰ মুখা শিল্পই ইতিমধ্যে প্ৰসাৰ লাভ কৰিছে সমগ্ৰ বিশ্বত । চামগুৰি সত্ৰত নিৰ্মাণ হোৱা মুখাসমূহ চাবৰ বাবে অসমৰ লগতে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয় ৷

বিগত বৰ্ষত মহামাৰী কৰ’ণাৰ ত্ৰাসৰ পাচত পৰিস্থিতি কিছু পৰিমাণে সুস্থিৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীত আগমণ ঘটিছিল দেশী-বিদেশী পৰ্যটকৰ ৷ কিন্তু এইবেলি কৰ’ণাৰ দ্বিতীয় ঢৌৰ বাবে পুনৰ বন্ধ হৈ পৰিছে চামগুৰি সত্ৰৰ মুখা শিল্পৰ নিৰ্মাণ আৰু প্ৰদৰ্শনৰ কাম ৷

কৰ’ণাত স্তব্ধমান মাজুলীৰ মুখা শিল্প

চামগুৰি সত্ৰত ভিন্নজনে মুখা কি দৰে বনাব পাৰি তাৰ প্ৰশিক্ষণ লোৱাৰ লগতে কিছুসংখ্যক লোকে সত্ৰৰ পৰা মুখাসমূহ ক্ৰয় কৰে ৷ কিন্তু সম্প্ৰতি এক নিমাও-মাও পৰিৱেশে বিৰাজ কৰিছে চামগুৰি সত্ৰত । অনাগত সময়ত ভাল দিন অহালৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে মুখা শিল্পীসকলে ।

লগতে পঢ়ক : চিকিৎসক অবিহনেই চলিছে বাক্সাৰ এখন চিকিৎসালয়

Last Updated : May 16, 2021, 2:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.