ETV Bharat / state

বানৰ কৱলত মাজুলীৰ বহু অঞ্চল

ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বানৰ সংহাৰী ৰূপ । বিশেষকৈ মাজুলীৰ বহু স্থান সম্প্ৰতি প্লাৱিত হোৱা দেখা গৈছে । বহু লোকে ঘৰ এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে ।

Flood
বানৰ কৱলত মাজুলীৰ বহু অঞ্চল
author img

By

Published : Aug 28, 2021, 6:17 PM IST

মাজুলী,২৮ আগষ্ট: ভদীয়া বানৰ (Flood) কৱলত সত্র নগৰী মাজুলী । যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰকে ধৰি আন আন সৰু বৰ নৈসমূহ । সত্র নগৰী মাজুলীৰো বহু কেইখন গাঁও ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ।

পুৱাৰ পৰা মাজুলীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ (Water level of Brahmaputra) বিপদসীমাৰ ওপৰেৰে বৈছে । বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে মাজুলীৰ নৈ পৰীয়া বহু কেইখনো গাঁও । মাজুলী আহতগুৰি পঞ্চায়ত সম্পূৰ্ণৰূপে বানৰ কৱলত পৰিছে বুলি জানিব পৰা গৈছে । আহতগুৰি পঞ্চায়তৰ পঞ্চায়ত গৃহ, বাট-পথ, গাঁৱৰ ৰাইজৰ ঘৰ-দুৱাৰ প্লাৱিত হোৱাত এতিয়া হাহাকাৰ পৰিৱেশ জনসাধাৰণৰ মাজত ।

বানৰ কৱলত মাজুলীৰ বহু অঞ্চল

গাঁওবাসীয়ে গৰু-ছাগলীকে ধৰি পোহনীয়া জন্তুবোৰক ওখ স্থানলৈ স্থানান্তৰিত কৰিছে । বহু পৰিয়ালে আকৌ ঘৰৰ ভিতৰতে ওখ চাং পাতি কোনো মতে দিন-ৰাতি পাৰ কৰিছে । ইফালে অঞ্চলটোৰ লোক সকলৰ খোৱা খাদ্যকে ধৰি অত্যাৱশ্যকীয় সামগীৰ অভাৱ হোৱা দেখা গৈছে । সমান্তৰালকৈ পশু খাদ্যৰ নাটনি, চিকিৎসা আৰু খোৱা পানীৰ সমস্যাই দেখা দিছে ।

নৈ পৰীয়া ৰাইজে এতিয়া জিলা প্ৰশাসনক এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰিবলৈ আহ্বান জনাইছে । ইফালে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে শুকুৰবাৰৰ পৰা মাজুলী জিলা প্ৰশাসনে অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিছে মাজুলী-নিমাতী ঘাট সংযোগী ফেৰী সেৱা । যাৰ ফলত এতিয়া এক প্রকাৰে গৃহবন্দী হৈ পৰিছে মাজুলীৰ জনতা । অৱশ্যে শনিবাৰৰ দিনটোত কিছু পৰিমাণে পানী কমিছে যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈকে বিপদ সীমাৰ ওপৰতে আছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ।

সমান্তৰালকৈ গৰাখহনীয়াৰো (Erosion) কৱলত পৰিছে মাজুলীৰ বহু গাঁও । ইতিমধ্যে ব্ৰহ্মপুত্ৰত বিলীন হৈছে বহুতৰে ঘৰ, খেতি পথাৰ আদি । জিলা প্ৰশাসন তথা চৰকাৰক অতি শীঘ্ৰে বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে মাজুলীবাসীয়ে ।

লগতে পঢ়ক:মঙলদৈৰ ছাত্ৰ হৰ্ষিতৰ অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.