মাজুলী,12 মে’: জাতীয় জীৱনৰ মহীৰূহ হোমেন বৰগোহাঞিৰ বিয়োগত সত্ৰপীঠ মাজুলীত শোকৰ ছাঁ । মাজুলীৰ সৈতে হোমেন বৰগোহাঞিৰ আছিল এক নিবিড় সম্পর্ক । ১৯৫৫ চনত হোমেন বৰগোহাঞিয়ে মাজুলীৰ ৰাজহ চক্ৰত উপ প্ৰতি সমাহৰ্তাৰূপে যোগদান কৰি প্ৰায় ডেৰ দশক মাজুলীবাসীৰ মাজত কটাইছিল । জড়িত হৈ পৰিছিল মাজুলীৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰত ৷ এইগৰাকী বিশিষ্ট ব্যক্তিৰ বিয়োগত মাজুলীৰ ৰাজহ চক্র কাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত হয় এখনি শোকসভা ।
আনহাতে, প্ৰয়াত বৰগোহাঞি মাজুলীত থকা কালচোৱাৰ সান্নিধ্যৰ কথা সুঁৱৰে মাজুলী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰতী বৰুৱাই ।
উল্লেখযোগ্য যে, সেই সময়ত হোমেন বৰগোহাঞিৰ কাৰ্যালয়ত এজোপা বকুল আছিল ৷ সেই সময়ত তেখেতৰ সান্নিধ্য পোৱা শিশু-কিশোৰসকলে তেখেতক বকুল তলৰ মামা বুলি মতাৰ কথা মনত পেলাই শোক প্ৰকাশ কৰে অধ্যাপিকা গৰাকীয়ে ৷
লগতে পঢ়ক : ক'ভিড নিয়ন্ত্ৰণ: মাজুলীৰ দায়িত্ব ল’লে হিমন্তই, কোন মন্ত্ৰীৰ ভাগত কোন জিলা