মাজুলী, 29 ছেপ্টেম্বৰ : বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ বিশুদ্ধ প্ৰাকৃতিক পৰিবেশত, বিশেষকৈ কোনো ৰাসায়নিক সাৰ, কীটনাশক আদি প্ৰয়োগ নকৰাকৈ কৰা হৈছে ৰঙা বাও ধানৰ খেতি ৷ অসমত প্ৰচুৰ পৰিমাণে উৎপাদন ৰঙা বাওধান বৰ্তমানে বিবেচিত হৈছে মাজুলীৰ আন এক ঐশ্বৰ্যৰূপে ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল, বানে ধোৱা মাজুলীৰ দ পথাৰ বাওধানৰ বাবে উপযোগী । নেঘেৰী, অমনা, দেউৰী বাও, ককুৱা, মৈমনচিঙা, আদিক সহজে পানীয়ে ক্ষতি কৰিব নোৱাৰে । এনে পৰিপেক্ষিতত মাজুলীত ৰঙা চাউল প্ৰতি বছৰে উৎপাদন হয় ৮০ হাজাৰ কুইন্টলৰো অধিক ।
এতিয়া বিশ্বৰ বজাৰলৈ উলিয়াই দিয়া হৈছে মাজুলীৰ এই ৰঙা চাউল । মাজুলী জিলা কৃষি বিভাগ, এপাৰ্ট আৰু মাজুলী ৰিভাৰ বেংক ফাৰমাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত বুধবাৰে ২০ কুইন্টল ৰঙা চাউল আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰা হৈছে বিদেশলৈ ।
লগতে পঢ়ক: ইউৰোপৰ আৰ্হিত তেজপুৰত নিৰ্মাণ হ'ব 45 ফুট উচ্চতাৰ ক্লক টাৱাৰ
আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰি জিলাখনৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাস, প্ৰাক্তন যুটীয়া সঞ্চালক ড৹ ইমৰান হুছেইন আৰু কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত ফ্লেগ অফ কৰি চাউল প্ৰেৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ উল্লেখ্য যে, এইবিধ চাউলত জিংক আৰু আইৰনৰ মাত্ৰা অধিক বেছি হোৱাৰ বাবে বাবে বিদেশৰ বজাৰত ব্যাপক চাহিদা মাজুলীৰ এই ৰঙা বাওৰ ৷
প্ৰথম অৱস্থাত অষ্ট্ৰেলিয়া, আমেৰিকা, জাপানলৈ প্ৰেৰণ কৰা হৈছে ২০ কুইন্টল ৰঙা বাও, য’ত প্ৰতিকিলো চাউলৰ বিপৰীতে খেতিয়কে লাভ কৰিছে ৭০ টকাকৈ ৷ ধানৰ সমান্তৰালভাৱে বীজহীন নেমু, কঠাল, নহৰু, কণীধান, সৰিয়হৰ তেল আদিকো পৰ্যায় ক্ৰমে বিদেশৰ বজাৰলৈ নিয়াৰ পৰিকল্পনাৰ কথা জানিব পৰা গৈছে ।
লগতে পঢ়ক: বিজ্ঞানী বিনয় কুমাৰ শইকীয়াক যোৰহাট প্ৰেছ ক্লাৱত ৰাজহুৱা সম্বৰ্ধনা
মাজুলী ৰিভাৰ বেংক ফাৰমাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডত মুঠ ২৭ টা কৃষক গোটত ২০ জনকৈ মুঠ ৫৪০ গৰাকী কৃষক জড়িত হৈ আছে । ৰঙা চাউলৰ লগতে সৰিয়হৰ তেলৰ এটা প্ৰকল্পও বৰ্তমান নিৰ্মাণৰত অৱস্থাত আছে । শেহতীয়াকৈ বিশ্বৰ বজাৰত ৰঙা বাও চাউলৰ উল্লেখনীয় চাহিদাই এতিয়া মাজুলীৰ কৃষকলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙনী ।
মাজুলীবাসীৰ বাবে এইয়া নিশ্চয়কৈয়ে এটা ভাল খবৰ । স্থানীয় এইসমূহ খাদ্যবস্তুৱে বিদেশৰ বজাৰ দখল কৰি যোগানৰ ধাৰা অব্যাহত ৰাখিলে নিশ্চয়কৈ অধিক উপকৃত হ’ব পাৰিব মাজুলীৰ কৃষক ।
লগতে পঢ়ক: অখিল গগৈক সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ