ETV Bharat / state

সাংবাদিক আক্রমণৰ বিৰোধিতাঃ মাজুলীত সাংবাদিকৰ অৱস্থান ধৰ্মঘট - ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে

সাংবাদিক হত্যা আৰু নিগ্ৰহ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদত নামিছে সাংবাদিকসকল। মাজুলীৰ গড়মূৰত জিলা সাংবাদিক সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰো মঙলবাৰে । প্ৰতিবাদী কাৰ্যসূচীত আপকু মাজুলী জিলা সমিতিৰ লগতে মাজুলীৰ সকলো সাংবাদিকে অংশগ্ৰহণ কৰে।

সাংবাদিক আক্রমণৰ বিৰোধিতাৰে মাজুলীত সাংবাদিকৰ অৱস্থান ধৰ্মঘট ৰূপায়ণ

author img

By

Published : Nov 17, 2020, 6:39 PM IST

মাজুলী, ১৭ নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিতো নিজৰ সুৰক্ষাক লৈ শংকিত হৈ পৰিছে সাংবাদিকসকল। ধাৰাবাহিকভাৱে সাংবাদিকৰ ওপৰত চলা আক্ৰমণ ৰোধ কৰিবলৈ যথোচিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাই মঙলবাৰে মাজুলীৰ গড়মূৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সাংবাদিকসকলে। আপকু মাজুলী জিলা সমিতিৰ সহযোগত মাজুলী জিলা সাংবাদিক সন্থাই আহ্বান কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলাখনৰ সকলো সাংবাদিক আৰু বিভিন্ন দল-সংগঠনে।

সাংবাদিক আক্ৰমণৰ ঘটনাৰে জড়িত লোকসকলক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায় সাংবাদিকসকলে। লগতে গৃহ বিভাগৰ দায়িত্ব মুখ্যমন্ত্রীয়ে লোৱাৰ লগতে আৰক্ষীকে ধৰি প্রশাসনৰ বিভিন্ন বিভাগ থকা পিছতো দিনক দিনে অসমত সাংবাদিক আক্রমণ বৃদ্ধি হোৱা ঘটনাক দুভাগ্যজনক আখ্যা দিয়ে প্ৰতিবাদকাৰীয়ে।

লগতে পঢ়ক:বৰপেটাৰ হাউলীত চণ্ডী বৰুৱা স্মৃতি ভৱন উন্মোচন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.