ETV Bharat / state

মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস

author img

By

Published : Feb 25, 2021, 5:10 PM IST

মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস উদযাপন । এই উপলক্ষে পদ্মশ্ৰী সন্মান লাভ কৰা গোপীৰাম বৰগায়নৰ লগতে তিনিগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন ।

মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস
মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস

মাজুলী, ২৫ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস উদযাপন । এই উপলক্ষে পদ্মশ্ৰী সন্মান লাভ কৰা গোপীৰাম বৰগায়নৰ লগতে তিনিগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । শ্ৰী শ্ৰী গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখনৰ । সত্ৰীয়া সাংস্কৃতি চৰ্চা আৰু প্ৰচাৰৰ বাবে আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ বাবে ২০২১ বৰ্ষত ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰা গোপীৰাম বৰগায়ন দেৱক সম্বৰ্ধনা জনোৱা হয় ।

লগতে কলা-সাহিত্য আৰু সংবাদ সেৱাৰ দিশলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্মানিত শিল্পী দিগন্ত হাজৰিকা, কবি, প্ৰবন্ধকাৰ, সাংবাদিক ৰজনীকান্ত বৰদলৈকো সম্বৰ্ধনা জনোৱা হয় । ইয়াৰোপৰি, কনক চন্দ্ৰ শৰ্মা সাংবাদিকতা বঁটা লাভ কৰা সাংবাদিক উৎপল বৰা আৰু নিবন্ধকাৰ ভবানন্দ হাজৰিকাক প্ৰেছ ক্লাৱৰ তৰফৰ পৰা চেলেং,ফুলাম গামোচা আৰু প্ৰশস্তিপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।

উক্ত অনুষ্ঠানত মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা, তথ্য আৰু জন সংযোগ বিষয়া তাপশ কুমাৰ বৰুৱাৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:হোজাইত মুখ্যমন্ত্ৰী সোণোৱালক তুলাধূনা লুৰিণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.