ETV Bharat / state

Junmoni Rabha at Garmur police station: জোনমণি ৰাভা আৰু দুই ভুক্তভোগীক মুখামুখিকৈ জেৰা

author img

By

Published : Jun 2, 2022, 5:06 PM IST

Updated : Jun 2, 2022, 6:39 PM IST

বৃহস্পতিবাৰে পুৱাই গড়মূৰ আৰক্ষী থানাত উপস্থিত হয় বিতৰ্কিত এছ আই জোমমণি ৰাভা (SI Junmoni Rabha at Garmur police station)। ভুক্তভোগী দুই ব্যৱসায়ী ক্ৰমে ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰাকো জেৰা চলায় আৰক্ষীয়ে । পুনৰ জেৰা চলোৱা হ'ব জোনমণি ৰাভাক ।

Fraud case
জোনমণি ৰাভা আৰু দুই ভুক্তভোগীক মুখামুখিকৈ জেৰা

মাজুলী,২ জুন : জেৰাৰ নামত মাজুলীৰ গড়মূৰ আৰক্ষী থানাত চলিছে ভেকোঁভাওনা ! আৰক্ষীয়ে সঠিকৰূপত বিতৰ্কিত এছ আই জোনমণি ৰাভাক জেৰা নকৰাৰ অভিযোগ বিভিন্নজনৰ । বিভিন্নজনৰ প্ৰশ্ন আৰক্ষীৰ পোছাকত চেকা লগাৰ ভয়ত জোনমণি ৰাভাক সুৰক্ষা দিছে নেকি মাজুলী আৰক্ষীয়ে ?

উল্লেখ্য যে প্ৰৱঞ্চনাৰ অভিযোগত জোনমণি ৰাভাৰ প্ৰেমিক ৰাণা পগাগ গ্ৰেপ্তাৰ হোৱাৰ পাছতে বিভিন্ন ৰহস্য পোহৰলৈ আহিছিল (Rana Pogag fraud case)। প্ৰৱঞ্চনাৰ গোচৰত জোনমণি ৰাভাৰ নামো সাঙোৰ খাই পৰিছিল । আনকি একাংশ ভুক্তভোগীয়ে এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে (FIR against Junmoni Rabha)। সেই গোচৰৰ তদন্তৰ বাবেই মাজুলীৰ গড়মূৰ আৰক্ষীয়ে তলব কৰিছিল জোনমণি ৰাভাক ।

ইয়াৰ পাছতে বৃহস্পতিবাৰে পুৱাই থানাত উপস্থিত হয় বিতৰ্কিত এছ আই গৰাকী (SI Junmoni Rabha at Garmur police station)। তিনিটাকৈ গোচৰৰ ভিত্তিত জোনমণি ৰাভাক জেৰা চলায় মাজুলী আৰক্ষীয়ে (Majuli police interrogated SI Junmoni Rabha)।

ভুক্তভোগী দুই ব্যৱসায়ী ক্ৰমে ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰাকো জেৰা চলায় আৰক্ষীয়ে । তিনিওগৰাকীকে একেটা কোঠাতে জেৰা চলায় মাজুলী আৰক্ষীয়ে । কিন্তু সেয়া জেৰা আছিল নে আলোচনা ? তাক লৈ বিভিন্ন মহলত প্ৰশ্নৰ উদয় হৈছে ।

জেৰাৰ নামত মাজুলী আৰক্ষীয়ে ভেকোঁভাওনা কৰিছে নেকি ? খাকী পোছাকত চেকা লগাৰ ভয়ত মাজুলী আৰক্ষীয়ে জোনমণি ৰাভাক ৰক্ষণাৱেক্ষণ দিছে নেকি বুলিও বহুতে প্ৰশ্ন কৰিছে । কিয়নো ইয়াৰ পূৰ্বে বহু ভুক্তভোগীয়ে উচিত প্ৰমাণ দি জোনমণি ৰাভাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল । কিন্তু ইমানৰ পাছতো আজিলৈ জোনমণি ৰাভাৰ বিৰুদ্ধে কোনো ব্যৱস্থা নল'লে আৰক্ষীয়ে । অৱশ্যে এই জেৰা অব্যাহত থাকিব বুলি স্পষ্ট কৰিছে মাজুলী আৰক্ষীৰ শীৰ্ষ বিষয়াই ।

লগতে পঢ়ক :গড়মূৰ থানাত জোনমণি ৰাভা, নগাঁও আদালতত ৰাণা পগাগ

Last Updated : Jun 2, 2022, 6:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.