মাজুলী,7মে: বিধনাসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতো মুখ্যমন্ত্ৰী নিৰ্বাচনক লৈ হোৱা দ্বিমতৰ পৰিপ্ৰেক্ষিতত উদ্দিগ্নতা প্ৰকাশ কৰি মাজুলীবাসীয়ে শুকুৰবাৰে মুকলিকৈ সৰ্বানন্দ সোণোৱালকে মুখ্যমন্ত্ৰী পদত পুনৰ অধিস্থিত কৰিবলৈ আহ্বান জনাই ।
মাজুলী জিলা কেন্দ্ৰীয় পুথিভড়ালত অনুস্থিত এক মুকলি আলোচনা চক্ৰত সৰ্বানন্দ সোণোৱালকে পুনৰ বাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বুলি জানিবলৈ দিয়ে মাজুলীবাসীয়ে। মাজুলীৰ সত্ৰসমাজকে মুখ্য কৰি বিভিন্ন দল-সংগঠনৰ কেইবাগৰাকী সদস্য আৰু জেষ্ঠ্য নাগৰিক উপস্থিত থকা এই সভাত মুখ্যমন্ত্ৰীৰ পদকলৈ এনে দ্বিমত থকাৰ প্ৰশ্নই উত্থাপন হ’ব নালাগে বুলি মন্তব্য প্ৰকাশ কৰে ৷
তাৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰক পুনৰ সৰ্বানন্দ সোণোৱালকে মুখ্যমন্ত্ৰী পদত অধিস্থিত কৰাব লাগে বুলি মত প্ৰকাশ কৰে মাজুলীবাসীয়ে । সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়নৰ স্বাৰ্থতে কেন্দ্ৰীয় নেতৃত্বতই সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰক বুলি দাবী জনাই মাজুলী বাসীয়ে ।
লগতে পঢ়কঃ কোন হ‘ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি আৰু বিৰোধী দলপতি !