ETV Bharat / state

মাজ নিশা আৰক্ষী চকীৰ সন্মুখত অসহায় শ্ৰমিকৰ বিননি

মাজুলীত মালিকৰ ভাতৃৰ অত্যাচাৰ সহিব নোৱাৰি আৰক্ষীৰ কাষ চাপিল ৬০ জনকৈ শ্ৰমিক । হাঁড় কঁপোৱা জাৰত হাতত দা, কোৰৰ লগতে নিজৰ সকলো সামগ্ৰী লৈ বনগাঁও আৰক্ষী চকীৰ সন্মুখত উপস্থিত হৈ ন্যায় বিচাৰি কাতৰ আহ্বান জনালে দুৰ্ভগীয়া শ্ৰমিকসকলে । ব্যৱসায়ী খগেন শইকীয়াৰ ভাতৃ বেণু শইকীয়াই অকথ্য গালি-গালাজ কৰাৰ লগতে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে শ্ৰমিকসকলে ।

মাজ নিশা আৰক্ষী চকীৰ সন্মুখত মাজুলীৰ অসহায় শ্ৰমিকৰ বিননি

author img

By

Published : Dec 30, 2020, 5:13 PM IST

মাজুলী, ৩০ ডিচেম্বৰ: মাজুলীৰ বনগাঁও আৰক্ষী চকীত মঙলবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ন্যায় বিচাৰি থেৰেঙা লগা ঠাণ্ডাত মাজ নিশালৈকে আৰক্ষী চকীৰ সন্মুখতে বহি থাকে ৬০ গৰাকীকৈ শ্ৰমিক । ব্যৱসায়ী খগেন শইকীয়াৰ ভাতৃ বেণু শইকীয়া অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি হাত হাতে দা, কোৰ আৰু আন বয়-বস্তু লৈ ওলাই আহে শ্ৰমিকসকল ।

মাজ নিশা আৰক্ষী চকীৰ সন্মুখত মাজুলীৰ অসহায় শ্ৰমিকৰ বিননি

তেওঁলোকৰ অভিযোগ মতে, বেণু শইকীয়াই সামান্য কথাতে শ্ৰমিকসকলক গালি-গালাজ কৰাৰ লগতে প্ৰহাৰ কৰে । বহু দিন ধৰি প্ৰাপ্যৰ পৰা শ্ৰমিকসকলক বঞ্চিত কৰি আহিছে বুলিও অভিযোগ তোলে । মঙলবাৰেও সন্ধিয়া বেণু শইকীয়াই এজন শ্ৰমিকক নিৰ্মমভাৱে প্ৰহাৰ কৰাত ক্ষুদ্ধ হৈ আঘাতপ্ৰাপ্ত শ্ৰমিকজনক লগত লৈ ৬০ জনীয়া শ্ৰমিকৰ দলটোৱে থানাৰ সন্মুখত বহি পৰে ।

শ্ৰমিকসকলে তেওঁলোকক প্ৰাপ্য আদায় দিবলৈ ব্যৱসায়ীজনক দাবী জনায় আৰু প্ৰাপ্য লাভ কৰিলেই ঘৰলৈ উভতি যাব বুলিও জনায় । আনহাতে, এই সমগ্ৰ দৃশ্যৰ ভিডিঅ' সাংবাদিকে সংগ্ৰহ কৰাৰ সময়ত বেণু শইকীয়াৰ ভাতৃয়ে শ্ৰমিকসকলৰ ভৰিত ধৰি সৈমান কৰিবলৈ চেষ্টা কৰে । নিশা ১২ বজাত তেওঁ আৰক্ষী চকীৰ পৰা শ্ৰমিকসকলক লৈ যায় । উল্লেখ্য যে, পূৰ্বেও এই ব্যৱসায়ীজনে এনেদৰে শ্ৰমিকক প্ৰহাৰ কৰি বা অন্য কাৰণৰ বাবেও বিতৰ্কত সোমাই পৰিছিল ।

লগতে পঢ়ক:ভাৰতীয় নাগৰিকক অপহৰণ বাংলাদেশৰ দুস্কৃতিকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.