মাজুলী, 6 নৱেম্বৰঃ মাজুলী উত্তৰ কমলাবাৰী সত্ৰত প্ৰতিষ্ঠা কালৰে পৰা শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰি আহিছে । ৩৪৬ বছৰীয়া পৰম্পৰাৰে এই বৰ্ষত ৰাসোৎসৱ পালনৰ বাবে সত্ৰই ব্যাপক আয়োজন কৰিছে । ৰাসৰ নন্দনতত্ত্ব,সৌন্দৰ্য,গাম্ভীৰ্য,আধ্যাত্মিকতাৰে কেলি গোপাল নাটকৰ আৰ্হিৰে শ্ৰীশ্ৰীকৃষ্ণলীলা নাটকৰ অভিনয় উপস্থাপনৰ জৰিয়তে মাজুলীৰ ৰাসলীলাৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ বাবে উত্তৰ কমলাবাৰী সত্ৰৰ আড়ম্বৰপূৰ্ণ আয়োজন ৷
মাজুলী ৰাসক অধিক বৰ্ণময় কৰি তোলাৰ বাবে সাংস্কৃতিক অনুষ্ঠান,ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ,দিহা নাম সমাৰোহ,সুদূৰ উত্তৰ প্ৰদেশৰ বৃন্দাবন-মথুৰা,মণিপুৰৰ পৰম্পৰাগত ৰাস উত্তৰ কমলাবাৰী সত্ৰ "কমলাকান্ত আতা ক্ষেত্ৰ"ত অহা ইংৰাজী ১১,১২,১৩,১৪, আৰু ১৫ নৱেম্বৰ ২০১৯ত ৫ দিনীয়া বিস্তৃত আৰু আড়ম্বৰপূৰ্ণ ভাৱে উদযাপনৰ দিহা কৰিছে।
মাজুলীলৈ অহা ৰাসৰ দৰ্শণাৰ্থীৰ সুবিধাৰ্থে ৫০ হাজাৰ অতিথিক অন্ন প্ৰসাদৰ ব্যৱস্থা,৫ শতাধিক লোকক থকাৰ ব্যৱস্থা কৰিছে সত্ৰই। ইতিমধ্যে সত্ৰৰ চৌপাশ সজাই পৰাই তোলা হৈছে । ৩ হাজাৰ লোকক বিনামূলীয়াকৈ ৰাস চোৱাৰ বাবে বিশাল পেণ্ডেল সাজু কৰিছে। এক সংবাদ মেলত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে জানিবলৈ দিয়ে । ইফালে মাজুলী গড়মূৰ মাধৱদেৱ কৃষ্টি সংঘই ব্যাপক আয়োজন কৰিছে ৰাসৰ। দুপৰ নিশালৈকে চলিছে ৰাসৰ আখৰা। ৰাস উদযাপনৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে সংঘই। এতিয়া দোভাগ নিশালৈ শ্ৰী কৃষ্ণৰ বন্দনাৰে মুখৰিত হ'ব মাজুলী।
লগতে চাওকঃ পৰ্যটকৰ বাবে মুকলি কৰা হ'ল পবিতৰা অভয়াৰণ্য