- মাজুলীত শোকাকুল পৰিৱেশ ।
- অকালতে হেৰাই গ’ল সংগীত জগতৰ এগৰাকী উজ্বল প্ৰতিভা মাজুলীৰ তেজশ্বীতা বৰুৱা (Tezaswita Boruah dead) ৷
- বুধবাৰে গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত মৃত্যু হৈছিল শিল্পীগৰাকীৰ
- উপযুক্ত চিকিৎসাৰ অভাৱতে তেজশ্বীতাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Garmur District Civil Hospital)
- এই ঘটনাৰ পাচতে দণ্ডাধিশ পৰ্যায়ত তদন্তৰ নিৰ্দেশ জাৰি কৰিছে জিলা উপায়ুক্তই
- অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ ফুকনৰ নেতৃত্বত আৰম্ভ হৈছে তদন্ত
- জিলা চিকিৎসালয়খনৰ অধীক্ষকজনক ইতিমধ্যে নিলম্বন কৰা হৈছে (Majuli Garhmur hospital superintendent suspended)
- স্বাস্থ্য বিভাগে নিলম্বন কৰা অধ্যক্ষজনৰ নাম ডঃ অমূল্য গোস্বামী
- বৰ্তমান হাস্পতালখনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰা হৈছে ডঃ কিশোৰ কুমাৰ কামানক