ETV Bharat / state

তেজস্বীতাৰ মৃত্যুৰ পাছতে মাজুলীৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়া - মাজুলীৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়া

মাজুলীৰ কণ্ঠশিল্পী তেজস্বীতা বৰুৱাৰ মৃত্যুক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে (Reaction after singer Tezaswita Boruah dead)। হাস্পতালখনে প্ৰদান কৰা চিকিৎসাৰ ওপৰত বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰাৰ লগে লগে স্বাস্থ্য বিভাগৰ গুৰুত্বপূৰ্ণ পদক্ষেপ । জিলা চিকিৎসালয়খনৰ অধীক্ষকক নিলম্বন কৰা হৈছে ।

Majuli
মাজুলীৰ জিলা চিকিৎসালয়ৰ অধীক্ষকক নিলম্বন
author img

By

Published : Oct 6, 2022, 11:45 AM IST

মাজুলী,৬ অক্টোবৰ : মাজুলীৰ শ্ৰী শ্ৰী পিতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ৰ অধীক্ষকক নিলম্বন (Majuli district hospital superintendent suspended)। কণ্ঠশিল্পী তেজস্বীতাৰ মৃত্যুৰ পাছতে হাস্পতালখনৰ গাফিলতিক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উঠিছিল । উন্নত চিকিৎসা নোপোৱাৰ বাবেই শিল্পীগৰাকীৰ মৃত্যু হোৱাৰো অভিযোগ উঠিছিল । ৰাইজ তথা দল-সংগঠনে হাস্পতালখনৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ তোলাৰ সময়তে স্বাস্থ্য বিভাগে অধীক্ষকগৰাকীক নিলম্বন কৰে ।

উল্লেখ্য যে শংকৰদেৱৰ জন্মোৎসৱৰ দিনটোত ৰাজ্যবাসীক কন্দুৱাই থৈ গ'ল মাজুলীৰ প্ৰতিভাৱান কণমানি কণ্ঠশিল্পী তেজস্বীতাই (Tezaswita Boruah dead)। মাত্ৰ ১৪ বছৰীয়া তেজস্বীতাৰ আকস্মিক বিয়োগে মৰ্মাহত কৰি তুলিছে সকলোকে (Singer Tezaswita Boruah dead)। তেজস্বীতাৰ মৃত্যুক পৰিয়ালৰ লগতে মাজুলীবাসীয়ে যেন সহজভাৱে ল'ব পৰা নাই ।

তেজস্বীতাৰ মৃত্যুৰ পাছতে মাজুলীৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়া

ইফালে তেজস্বীতাৰ মৃত্যুক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । তেওঁৰ চিকিৎসাত গাফিলতিৰ অভিযোগ কৰিছে বিভিন্নজনে । যাৰ ফলস্বৰূপে অধীক্ষকগৰাকীক নিলম্বন কৰিছে বিভাগে । স্থানীয় লোকৰ মতে চৰকাৰে কেৱল নিলম্বনতে সকলো শেষ কৰিব নালাগে ।

বিষয়টোৰ উচিত তদন্তৰ দাবী কৰে স্থানীয় লোকসকলে । সমান্তৰালকৈ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি হাস্পতালখনৰ চিকিৎসা ব্যৱস্থা উন্নত কৰিবলৈ চৰকাৰক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক :কম সময়তে সকলোৰে মন মুহি অজান মুলুকলৈ গ’লগৈ মাজুলীৰ তেজস্বিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.