ETV Bharat / state

মাজুলীত দৰিদ্ৰ খেতিয়কক কৃষি সঁজুলি প্ৰদানৰ নামত ব্যাপক অনিয়ম - মাজুলীত কৃষি সঁজুলি প্ৰদানৰ নামত অনিয়ম বাতৰি

কৃষি সঁজুলি প্ৰদানৰ নামত দৰিদ্ৰ কৃষকৰ পাঁচৰ পৰা পোন্ধৰশ টকা সংগ্ৰহ অসাধু চক্ৰৰ ৷

মাজুলীত দৰিদ্ৰ খেতিয়কক কৃষি সঁজুলি প্ৰদানৰ নামত ব্যাপক অনিয়ম
author img

By

Published : Oct 26, 2019, 3:53 AM IST

মাজুলী, 25 অক্টোবৰ: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ সমষ্টি মাজুলীত দৰিদ্ৰ কৃষকক কৃষি সঁজুলি প্ৰদানৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ মাজুলীত কৃষি সঁজুলি প্ৰদানৰ নামত বিজেপিৰ আৰ্শীবাদ পুষ্ট একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে তেজ সুহি খাইছে নদীদ্বীপটোৰ সৰ্বহাৰা খেতিয়ক সকলৰ ৷ তথ্য অনুসৰি মাজুলীৰ ২০ খন পঞ্চায়তত প্ৰতিখন পঞ্চায়তত সাতশৰ পৰা আঠশ দৰিদ্ৰ কৃষকক বিনামূলীয়া কৃষি সঁজুলিৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল ৷ যাৰ ফলস্বৰূপে আন 20 খন পঞ্চায়তৰ লগতে দক্ষিণ কমলাবাৰী পঞ্চায়ততো প্ৰকৃত দৰিদ্ৰ কৃষকসকলে দাখিল কৰিছিল প্ৰায় সাতশ খন প-পত্ৰ ৷ কিন্তু ইয়াৰ পাছতে পঞ্চায়তটোত আৰম্ভ হয় প্ৰ-পত্ৰ পূৰণৰ নামত এক ভয়ংকৰ জালিয়াতি ৷ আঁচনিখনৰ দায়িত্বত থকা কৃষি বিভাগৰ পৰিবৰ্তে দক্ষিণ কমলাবাৰী পঞ্চায়তৰ সভিনেত্ৰী অৰ্চনা বৰাই এই প-পত্ৰ সমূহ সংগ্ৰহ কৰি তাৰে কিছু সংখ্যক প-পত্ৰ নিজৰ হাতত ৰাখি আৰম্ভ কৰে বৃহৎ বেপাৰ ৷ যাৰ ফলত এহাজাৰৰ পৰা পোন্ধৰশ টকালৈকে উঠিছে এখন কৃষি সঁজুলি প্ৰদানৰ প্ৰ-পত্ৰ দাম ৷ এই অসাধু চক্ৰৰ প্ৰকোপত এতিয়া পঞ্চায়ত কাৰ্যালয়লৈ ফৰ্ম বিচাৰি গৈ ঘূৰি আহিব লগীয়া হৈছে প্ৰকৃত হিতাধিকাৰীসকল ৷

কৃষি সঁজুলি প্ৰদানৰ নামত দৰিদ্ৰ কৃষকৰ পাঁচৰ পৰা পোন্ধৰশ টকা সংগ্ৰহ অসাধু চক্ৰৰ

ইফালে, হেমন্ত বৰা নামৰ যুৱ কৃষক এজনে এই তথ্য সংবাদ মাধ্যমত ৰাজহুৱা কৰিবলৈ বিচৰাত তেওঁক প্ৰাণে মৰা ভাবুকি প্ৰদান কৰিছে চক্ৰটোৰে জড়িত শান্তনু দাস নামৰ এজন বিজেপি দল নেতাই ৷ দুৰ্নীতি বিৰুদ্ধে শূণ্য সহনশীল মুখ্যমন্ত্ৰী গৰাকীৰ নিজ সমষ্টিতে তৃণমূল পৰ্যায়ত এতিয়া ব্যাপক হাৰত গঢ়লৈ উঠা এই দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত স্বয়ং মুখ্যমন্ত্ৰী গৰাকী তথা বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে আগন্তুক দিনত সেইয়াহে লক্ষণীয় হব ৷

Intro:মুখ্যমন্ত্ৰী সমষ্ঠি মাজুলীত কৃষকৰ তেজ খোৱা এই সকল কোনঃ   
মুখ্যমন্ত্ৰীৰ কৃষি সজুলী প্ৰ-পত্ৰ নামত সংগ্ৰহ পাচ ৰ পোন্ধধৰ শ টকা সংগ্ৰৰহ এটা চক্ৰৰৰঃ                                        
 V.O--  মাজুলী দৰিদ্ৰ কৃষকৰ বাবে কৃষি সজুলী প্ৰদানৰ নামত আবেদনৰ প্ৰ পত্ৰ আহিল । ২০ খন পঞ্চায়তত প্ৰতিখন পঞ্চায়তত ৭ শ ৰা  ৮ শ দৰিদ্ৰ কৃষক ক এই সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিছিল। মাজুলী ২০ খন পঞ্চায়তৰ লগতে দক্ষিণ কমলাবাৰী পঞ্চায়ততো ৭ শ ১০ খন আবেদন দিছিল প্ৰকৃত দৰিদ্ৰ কৃষকে এই সুবিধা পাবলৈ । কিন্তু এই প্ৰ পত্ৰৰ নামত চলিছে ভয়ংকৰ কাহিনী । কৃষি বিভাগৰ পৰিবৰ্তে সভিনেত্ৰী অৰ্চনা বৰা ই আবেদন সমূহ আনি কিছু ফৰ্ম ৱাড মেম্বৰক দিয়াৰ লগতে ৫ শতাধিক ফৰ্ম নিজৰ হাতত ৰাখি বৃহৎ বেপাৰ আৰম্ভ কৰিছে । ১ হাজাৰৰ পৰা ১৫ শ টকালৈকে এখন ফৰ্মৰ নামত দৰিদ্ৰ কৃষক ৰ পৰা আদায় কৰিছে । প্ৰকৃত হিতাধিকাৰী কৃষকে ফৰ্ম বিচাৰিলে ঘুৰাই পঠায় দিয়ে আৰু পইচাৰ বিনিময়ত ফৰ্ম দিয়ে । হেমন্ত বৰা নামৰ যুৱ কৃষক জনে সংবাদ মাধ্যমত ৰাজহুৱা কৰিবলৈ বিচৰাত প্ৰানেমৰা ভাবুকি প্ৰদান কৰিছে শান্তনু দাস নামৰ বিজেপি ৰ সদস্য জনে। এয়া উদাহৰন চিলাকলা শ্ৰীলুহিত ৰতনপুৰ গায়ন আদি প্ৰায় স‌ংখ্যক পঞ্চায়তত এতিয়া কৃষক ৰ ফৰ্মৰ নামত অবাধে সংগ্ৰহ কৰিছে ধন। দুৰ্নীতি বিৰুদ্ধে সততে মাতমতা মুখ্যমন্ত্ৰীৰ সমষ্টিতে এতিয়া এনেদৰে দুৰ্নীতি  শিপাইছে তৃণমূল পৰ্যায়ত।Body:মাজুলীৰ পৰা যদুমণি শইকীয়া।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.