ETV Bharat / state

Majuli By election: পুৱা 9 বজালৈ মাজুলীত সম্পন্ন 11.42 শতাংশ ভোটদান - জ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়ে

অৱশেষত আৰম্ভ হ’ল বহু প্ৰত্যাশিত মাজুলীৰ উপ নিৰ্বাচন ৷ সোমবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা এই ভোটদান প্ৰক্ৰিয়াৰ পুৱা 9 বজালৈকে সম্পন্ন হৈছে 11.42 শতাংশ ভোটদান ৷ জিলাখনৰ ১,৩৩,২২৭ গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব মাজুলীৰ নিৰ্বাচনী প্ৰাৰ্থীৰ ভাগ্য ৷

পুৱা 9 বজালৈকে মাজুলীত সম্পন্ন 11.42 শতাংশ ভোটদান

author img

By

Published : Mar 7, 2022, 10:01 AM IST

Updated : Mar 7, 2022, 11:13 AM IST

নিউজ ডেস্ক, 7 মাৰ্চ : আজি অৰ্থাৎ সোমবাৰে পুৱাৰে 7 বজাৰ পৰা আৰম্ভ হৈছে মাজুলীৰ উপ নিৰ্বাচন 2022ৰ ভোটগ্ৰহণ (Majuli By Election 2022) ৷ এই ভোটদান প্ৰক্ৰিয়া চলিব বিয়লি ৫ বজালৈ ৷ ইতিমধ্যে জিলা প্ৰশাসন তথা নিৰ্বাচনী বিষয়া সকলো সাজু লৈ উঠিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰা 2 ঘন্টালৈ সম্পন্ন হৈছে 11.42 শতাংশ ভোটদান ৷ উল্লেখ্য যে, জিলাখনৰ ২০৩ টা ভোটকেন্দ্ৰত আছে ১,৩৩,২২৭ গৰাকী ভোটাৰ ৷ জিলাখনৰ 1 লাখৰো অধিক ভোটাৰে আজি নিৰ্ণয় কৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গাম (Bjp Candidate Bhuban Gam), বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আইৰ ভাইটি ৰিচঙৰ ভাগ্য ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সমষ্টিৰ বিধায়ক পদ এৰাৰ পাচতেই খালী হৈ আছিল মাজুলীৰ বিধায়কৰ পদটি । যাৰ বাবে এই খালী পদ পূৰণৰ বাবে আজি মাজুলীত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন । সোমবাৰে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত যদিও তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দীতা কৰিছে ৷ কিন্তু এই নিৰ্বাচনৰ মূল যুঁজখন বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গাম (Bjp Candidate Bhuban Gam) আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ মাজত হোৱাটো একপ্ৰকাৰে নিশ্চিত হৈছে ৷

ইফালে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েৰ নেতৃত্বত বিভাগীয় প্ৰতিটো শাখাই তৎপৰ হৈ আছে । আইন-শৃংখলা, ব্যয় আদি সকলো দিশতে নিৰীক্ষণ কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে ইতিমধ্যে কেন্দ্ৰীয় পর্যবেক্ষক নিয়োগ কৰিছে । আনহাতে, ফলপ্ৰসূ নিৰীক্ষণ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগৰ নিদের্শনা অনুসৰি অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই ভোট গ্ৰহণৰ নিৰীক্ষণ প্ৰক্ৰিয়াত ৱেবকাষ্টিঙৰ ব্যৱস্থাও সংযোগ কৰা হৈছে ।

লগতে পঢ়ক : Majuli By-Poll: ভোটাধিকাৰ সাব্যস্ত কৰিলে ভুবন গামে

মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই উল্লেখ কৰা অনুসৰি, সমষ্টিটোৰ মুঠ ২০৩ টা ভোট গ্ৰহণ কেন্দ্ৰৰ প্ৰতিটোতে এই ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰে ১৬৪ টা মূল ভোট কেন্দ্ৰ আৰু ৩৯ টা সহযোগী ভোট কেন্দ্ৰ । ৱেবকাষ্টিং ব্যৱস্থাৰ জৰিয়তে ভোট কেন্দ্ৰসমূহৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া জিলা নিৰ্বাচনী বিষয়াৰ কার্যালয়, মুখ্য নিৰ্বাচনী বিষয়াৰ কার্যালয় আৰু নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ পৰা পোনপটীয়াকৈ পর্যবেক্ষণ কৰিব পাৰিব ।

তদুপৰি ভোটকেন্দ্ৰসমূহৰ সুৰক্ষাৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফ জোৱানৰ গোট মোতায়েন কৰা হৈছে । আনহাতে, প্ৰতিটো ভোটকেন্দ্ৰতে ক'ভিড প্ৰট'কল মানি চলাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

বহু প্ৰত্যাক্ষিত মাজুলীৰ উপ নিৰ্বাচনত মুঠ ৮১২ গৰাকী ভোটগ্ৰহণ বিষয় নিয়োগ কৰা হৈছে । আনহাতে, ভোট গ্ৰহণৰ বাবে ২০৩ টা বেলট ইউনিট, ২০৩ টা কন্ট্ৰ’ল ইউনিট আৰু ২০৩ টা ভিভিপিএটি মেচিনৰ ব্যৱস্থাও কৰা হৈছে । ইয়াৰ উপৰি প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিবলৈ পর্যাপ্ত সংখ্যক বেলট ইউনিট, কন্ট্ৰ’ল ইউনিট, ভিভিপিএটি মেচিনকে ধৰি ভোটগ্ৰহণ বিষয়া সষ্টম কৰি ৰখা হৈছে ৷

উল্লেখ্য যে, মাজুলী উপ নিৰ্বাচনত সমষ্টিটোৰ ১,৩৩,২২৭ গৰাকী ভোটাৰৰ ভিতৰত আছে ৬৭,৮১৯ গৰাকী পুৰুষ, ৬৫,৪০৮ গৰাকী মহিলা আৰু ৪০০ গৰাকী ছাৰ্ভিচ ভোটাৰ ৷ আনহাতে, এই উপ নিৰ্বাচনত ১৮-১৯ বছৰৰ ২,৯৬৫ গৰাকী, ১,৩৪০ গৰাকী ৮০বছৰৰ উৰ্দ্ধৰ আৰু ৪০০ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ আছে ৷

আনকি মাজুলীৰ উপ নিৰ্বাচন প্ৰচাৰ অভিযান সম্পৰ্কত এগ্জিত প’ল বা ৰাইজৰ মতামতৰ ভিত্তিত কৰিব খোজা নিৰ্বাচনী ফলাফলৰ পূৰ্বানুমান ঘোষণা কৰাৰ ক্ষেত্ৰত জনপ্ৰতিনিধি আইন 1951 ৰ ধাৰা 126 ৰ অধীনত দেশৰ নিৰ্বাচন আয়োগে এক বিশেষ নিষেধাজ্ঞাৰ সময় ঘোষণা কৰিছে ৷ এই অনুসৰি, ধাৰা 126(ক)ৰ উপধাৰা 1ৰ অধীনত সোমবাৰ অৰ্থাৎ আজি পুৱা 7 বজাৰ পৰা সন্ধিয়া 6:30 বজাৰ ভিতৰত এগ্জিত প’ল চপোৱা বা ছপা, ৰেডিঅ’, টেলিভিছন আদি গণমাধ্যমসমূহত প্ৰচাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ৷

লগতে পঢ়ক: আজি মাজুলীত উপ-নিৰ্বাচনৰ ভোটযুদ্ধ

Last Updated : Mar 7, 2022, 11:13 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.