নিউজ ডেস্ক, 7 মাৰ্চ : বহু প্ৰত্যাশাৰ অন্তত অৱশেষত আৰম্ভ হ’ল মাজুলীৰ উপ নিৰ্বাচন (Majuli by election) ৷ সোমবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা এই ভোটদান প্ৰক্ৰিয়াৰ পুৱা 11 বজালৈ 32.40 শতাংশ, দিনৰ 1 বজালৈ 47.70 শতাংশ আৰু বিয়লি 3 বজালৈ 60.67 শতাংশ ভোটদান সম্পন্ন হৈছিল (Majuli by election polling update) ৷ অৱশেষত, বিয়লি 5 বজালৈ 65.16 শতাংশ ভোটদানেৰে সমাপ্ত হ’ল মাজুলীৰ উপ-নিৰ্বাচন ৷ অৱশ্যে, ভোটদানৰ শতাংশ কিছু পৰিমাণে বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে ৷
জিলাখনৰ ১,৩৩,২২৭ গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব মাজুলীৰ নিৰ্বাচনী প্ৰাৰ্থীৰ ভাগ্য ৷ উল্লেখ্য যে, জিলাখনৰ ২০৩ টা ভোটকেন্দ্ৰত আছে ১,৩৩,২২৭ গৰাকী ভোটাৰ ৷ জিলাখনৰ 1 লাখৰো অধিক ভোটাৰে আজি নিৰ্ণয় কৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গাম (Bjp Candidate Bhuban Gam), বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আইৰ ভাইটি ৰিচঙৰ ভাগ্য ৷
কিন্তু এই নিৰ্বাচনৰ মূল যুঁজখন হ’ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গাম (Bjp Candidate Bhuban Gam), বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ মাজত ৷
লগতে পঢ়ক : Majuli By election: পুৱা 9 বজালৈ মাজুলীত সম্পন্ন 11.42 শতাংশ ভোটদান