ETV Bharat / state

পূৰ্ণগতিত চলিছে আয়ুৰ্বেদিক চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য

মাজুলীত ৬.৫২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা হৈছে আয়ুৰ্বেদিক চিকিৎসালয় । চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা মে' মাহৰ ভিতৰত চিকিৎসালখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ব বুলি জনাইছে পঞ্জাৱ ইঞ্জিনিয়াৰিং কোম্পানী কৰ্তৃপক্ষই ।

মাজুলীত পূৰ্ণগতিত চলিছে আয়ুৰ্বেদিক চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য

author img

By

Published : Feb 8, 2021, 3:31 PM IST

মাজুলী,৮ ফেব্ৰুৱাৰী: নিৰ্মাণকাৰ্য অব্যাহত থকাৰ মাজতে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা মাজুলীৰ আয়ুৰ্বেদিক চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য মে' মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা ব্যক্ত কৰিছে পঞ্জাৱ ইঞ্জিনিয়াৰিং কোম্পানী কৰ্তৃপক্ষই । মাজুলীৰ ফুলনী দেৱত্তৰত প্ৰায় ৬.৫২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা হৈছে আয়ুৰ্বেদিক চিকিৎসালয়খন ।

মাজুলীত পূৰ্ণগতিত চলিছে আয়ুৰ্বেদিক চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য

উল্লেখ্য যে, প্ৰথমাৱস্থাত ঠিকাদাৰে নিম্নমানৰ সামগ্ৰীৰে চিকিৎসালয়খনৰ গৃহ নিৰ্মাণ কৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল । এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত কৰা হৈছিল । পিছত সেই ঠিকাদাৰজনক আঁতৰাই বিগত বৰ্ষৰ নৱেম্বৰ মাহত চিকিৎসালয়খনৰ নিৰ্মাণৰ দায়িত্ব পঞ্জাৱ ইঞ্জিনিয়াৰিং কোম্পানীক অৰ্পণ কৰা হয় ৷ চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা মে' মাহৰ ভিতৰত চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি জনাইছে কোম্পানীটোৱে ৷ মাজুলীবাসীৰ চিকিৎসাৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহ সমষ্টি মাজুলীৰ স্বাস্থ্যখণ্ডত আয়ুৰ্বেদিক চিকিৎসালয়খনৰ সংযোজন ঘটাইছিল ।

লগতে পঢ়ক: দিল্লীয়ে আমুৱাইছে তপন-পল্লৱকঃ পুনৰ দিছপুৰলৈ অহাৰ মন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.