মাজুলী, 23 ডিচেম্বৰ : দক্ষিণ মাজুলীত সংঘটিত হৈছে এক অঘটন । ব্ৰহ্মপুত্ৰ নদীত গা ধুবলে গৈ সন্ধানহীন হয় এজন ২১ বছৰীয়া যুৱক।
![majuli accident](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-maj-01-majulinews-vis1-as10026_23122020172110_2312f_1608724270_75.jpg)
বুধবাৰে পুৱা ১০ বজাত ৪ জন সমনীয়াৰ সৈতে গা ধুবলৈ ব্ৰহ্মপুত্ৰলৈ গৈছিল চিত্ত ৰঞ্জন শইকীয়া নামৰ যুৱকজন । চিত্ৰ ৰঞ্জনৰ ঘৰ দক্ষিণ মাজুলীৰ লগুৱাটি গাঁৱত। যুৱকজনৰ লগত যোৱা অন্য ৩ জনৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও নদীৰ বুকুত সন্ধানহীন হয় চিত্তৰঞ্জন শইকীয়া । বৰ্তমানলৈকে এছ.ডি.আৰ.আফ. বাহিনীয়ে যুৱকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷ এই ঘটনাৰ পাছতে অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে ৷
লগতে পঢ়ক: জনীয়াত ভাৰতীয় স্থলসেনাই আগবঢ়ালে বিনামূলীয়া স্বাস্থ্য সেৱা