ETV Bharat / state

দুখন জিলাক সংযোগ কৰি বাঁহ-কাঠেৰে নিৰ্মাণ হ’ল বিশেষ দলং - মাজুলী

এইবাৰ অসমতে দুখন জিলাক সংযোগ কৰি নিৰ্মাণ কৰিলে এখন ৫০০ মিটাৰ দীঘল কাঠ-বাঁহৰ দলং ৷ দহ দিনত 60 জন শ্ৰমিকে সাজি উলিয়ালে দলংখন ৷

longest bamboo bridge in assam connecting two districts
দুখন জিলাক সংযোগ কৰি বাঁহ-কাঠেৰে নিৰ্মাণ হ’ল বিশেষ দলং
author img

By

Published : Oct 26, 2021, 5:57 PM IST

মাজুলী, 26 অক্টোবৰ : এইবাৰ দুখন জিলা লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি নিৰ্মাণ কৰা হ’ল এখন সেতু । মাজুলীত মুকলি হ’ল অসমৰ সম্ভৱত দীৰ্ঘতম বাঁহ কাঠৰ দলংখন । ৩ হাজাৰ বাঁহ, ৭০ ডাল কাঠ আৰু ৬০ জন শ্ৰমিকে ১০ দিনত নিৰ্মাণ কৰি উলিয়াইছে দলংখন । উল্লেখযোগ্য যে, মাজুলী আৰু লখিমপুৰ জিলাৰ মাজৰ খেৰকতীয়া নদীত নিৰ্মাণ কৰা হ’ল এই দলং খন ।

নদীখনৰ ওপৰত এখন দলঙৰ দাবী দীৰ্ঘদিন ধৰি চলি আছিল । কিন্তু চৰকাৰ তথা স্থানীয় প্ৰশাসনে দিয়া নাছিল গুৰুত্ব । সেয়ে চেলেক-ধুনাগুৰী পাৰ ঘাটৰ লেচিয়ে নিজৰ প্ৰচেষ্টাত গাঁঠিৰ ধন ১০ লাখ টকা ভাঙি নিৰ্মাণ কৰিছে অসমৰ আটাইতকৈ দীঘল বাঁহ-কাঠৰ দলংখন । ৩ হাজাৰ বাঁহ, ৬০ জন বনুৱা ৭০ ডাল কাঠ আৰু প্ৰায় ২৫০ যোৰা বাহৰ খুটাৰে ১০ দিনৰ শ্ৰমেৰে সাজি উলিওৱা হৈছে দলংখন ।

দলংখনৰ আনুষ্ঠানিক মুকলিৰ পিছত নাও আৰু ফেৰীৰ বাবে হোৱা দুৰ্বিষহ যন্ত্ৰণাৰ অৱসান ঘটিল । কিন্তু দলং খন নিৰ্মান সম্পূৰ্ণ হৈছে যদিও এতিয়া এটা নতুন সমস্যাৰ উদ্ভৱ হৈছে ।

দুখন জিলাক সংযোগ কৰি বাঁহ-কাঠেৰে নিৰ্মাণ হ’ল বিশেষ দলং

নিমাতী ঘাটৰ নাও দুৰ্ঘটনাৰ পাছৰে পৰা বন্ধ হৈ আছে এটা ইঞ্জিন যুক্ত নাওৰ চলাচল । যাৰ পৰিপ্ৰেক্ষিতত ধুনাগুৰি ঘাটত নাও নথকাৰ বাবে ১০ লাখ টকা ভাঙি নিৰ্মাণ কৰা দলংখনক লৈ চৰম অনিশ্চয়তাৰ মাজত ভুগিছে দলং নিৰ্মান কৰা লেছি পক্ষ । খেৰকতীয়া নদীৰ পৰা ১০ খন গাঁৱৰ গঞাৰ এক মাত্ৰ ভৰসা নাও আৰু দলং । নিমাতি নাওঁ দুৰ্ঘটনাৰ পিছৰে পৰা বন্ধ হৈ আছে নাও, সেই বাবে কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰী সকল সন্মুখীন হৈছে বহুত সমস্যা।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.