মাজুলী, ২৩ মাৰ্চ: ৰাজ্যত আন আন প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিত মঙলবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই । বৰ্তমানৰ বিধায়ক তথা মাজুলী সমষ্টিৰ বিজেপি প্ৰাৰ্থী সোণোৱালৰ হৈ প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে অভিনেতাগৰাকী ।
বিধানসভা নিৰ্বাচনৰ প্রথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাথোঁ কেইদিনমান বাকী । নিজৰ নিজৰ দলৰ প্রাৰ্থীক জয়ী কৰাবলৈ সমষ্টিয়ে সমষ্টিয়ে দলীয় কৰ্মীয়ে প্ৰচাৰ চলোৱা দেখা গৈছে । ৰাইজক আকৰ্ষিত কৰিবলৈ ন ন কৌশল অৱলম্বন কৰিছে ৰাজনৈতিক দলসমূহে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে । সেয়ে, তেওঁৰ গৃহ সমষ্টিত এতিয়া দলৰ আন কৰ্মীসকলে তেওঁৰ হৈ প্ৰচাৰ চলাইছে । মঙলবাৰে নামনি মাজুলীত সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলালে অভিনেতা যতীন বৰাই । নামনি মাজুলীৰ বহু কেইখন গাঁৱত দলীয় সমৰ্থকৰ সৈতে অভিনেতাগৰাকীয়ে প্ৰচাৰ চলায় ।
লগতে পঢ়ক:ৰঙিয়াত জিলা কোচ ৰাজবংশী সন্মিলনীৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশন