ETV Bharat / state

ৰাজ্য জুৰি উলহ-মালহৰে পালন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী

author img

By

Published : Aug 24, 2019, 11:37 AM IST

Updated : Aug 24, 2019, 1:11 PM IST

জন্মাষ্টমীত বিভিন্ন কাৰ্যসূচীৰ লগতে শিশু কৃষ্ণৰ ৰূপত অৱতীৰ্ণ হোৱা শিশু সকলে কৃষ্ণ জন্মোৎসৱত উপস্থিত সকলোৰে মন মুগ্ধ কৰে ৷ লখিমপুৰৰ সীতাৰামজী ঠাকুৰবাৰীতো দিনযোৰা কাৰ্যসূচীৰে উৎযাপন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মোৎসৱ

ৰাজ্য জুৰি উলহ-মালহৰে পালন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী

মাজুলী, লখিমপুৰ, কৰিমগঞ্জ, নগাঁও, 24 আগষ্টঃ শুকুৰবাৰে ৰাজ্য জুৰি উলহ-মালহৰে পালন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ জন্মাষ্টমী উপলক্ষে নাম প্ৰসংগৰে মুখৰিত হৈ পৰিল সমগ্ৰ ৰাজ্য ৷

মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰত দুদিনীয়কৈ আয়োজন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী৷ আনহাতে হাজাৰ হাজাৰ বন্তি চাকিৰে উজ্বলিল নগাঁৱৰ ঐতিহ্যমণ্ডিত কলিয়া গোসাঁই থান৷পূৱাৰ পৰা হৰি নামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠ পুৰিত পৰিণত হ'ল ৰাইডঙীয়াৰ শ্ৰী শ্ৰী ক'ৰচুং সত্ৰৰ শ্ৰী শ্ৰী কলিয়া গোঁসাই থান৷ পঞ্চশতাধিক বছৰ গৰকা এই শ্ৰী শ্ৰী কলিয়া গোঁসাই থানত প্ৰতি বছৰে জন্মাষ্টমী পালন কৰা হয় ৷ এইবেলিও থানখনিত তিনিদিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে ৫০৩তম কৃষ্ণ জন্মাষ্টমী উৎসৱ আয়োজিত কৰা হৈছে । একেদৰে লখিমপুৰৰ সীতাৰামজী ঠাকুৰবাৰীতো দিনযোৰা কাৰ্যসূচীৰে উৎযাপন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মোৎসৱ ৷ এই জন্মাষ্টমীত বিভিন্ন কাৰ্যসূচীৰ লগতে শিশু কৃষ্ণৰ ৰূপত অৱতীৰ্ণ হোৱা শিশু সকলে কৃষ্ণ জন্মোৎসৱত উপস্থিত সকলোৰে মন মুগ্ধ কৰে ৷ ইপিনে সীমান্ত জিলা কৰিমগঞ্জতো উলহ মালৰে পালন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৷ কৰিমগঞ্জৰ মদন মোহন মন্দিৰত ভগৱান শ্ৰীকৃষ্ণ আৰু যশোদাৰ ৰূপত বহু শিশুয়ে অংশ লয় ৷ এনেদৰেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উৎযাপন কৰা হ'ল শ্ৰীকৃষ্ণৰ জন্মোৎসৱ ৷

Intro:মাজুলীত শ্ৰীকৃষ্ণৰ জন্মাষ্টমিঃ
সত্ৰ নাঘৰত চলিছে জন্মাষ্টমী ব্যপক আয়োজন।

সমগ্ৰ দেশবাসীৰ লগতে সত্ৰপীঠ মাজুলীটো উলহ মালহেৰে পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমি।

মাজুলীৰ সকলো সত্ৰ নামঘৰত নাম প্ৰসংগৰে মুখৰিত হৈছে।

পূৱাৰ পৰা হৰি নামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠ পুৰিত পৰিণত হৈছে। 

শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰত দুদিনীয়কৈ আয়োজন চলিছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী।

আজি অষ্টমী তিথিত উপলক্ষে সন্ধিয়া পৰা ভুৱন মোহন বিগ্ৰহৰ ওচৰত পূজা সেৱা আগবঢ়াই।

Bite সত্ৰাধিকাৰ দক্ষিণপাট সত্ৰ ।

Body:মাজুলীৰ পৰা যদুমণি শইকীয়াConclusion:
Last Updated : Aug 24, 2019, 1:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.