ETV Bharat / state

শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰত আন্তৰ্জাতিক যোগ দিৱস পালন

author img

By

Published : Jun 21, 2019, 4:32 PM IST

আজি আন্তৰ্জাতিক যোগ দিৱস ৷ সমগ্ৰ বিশ্ব আৰু দেশৰ লগতে আজি মাজুলীতো উদযাপন কৰা হয় যোগ দিৱসৰ ৷ যোগ দিৱস উপলক্ষে মাজুলীত মাটিৰ আখৰাৰ প্ৰদৰ্শন কৰে শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰৰ শিশু বৈষ্ণৱ সকলে ৷ যোগশাস্ত্ৰত মাটিৰ আখৰাৰ প্ৰাসংগিকতা সম্পৰ্কেও ব্যাখ্যা কৰে সত্ৰৰ বৈষ্ণৱ গুৰুসকলে ৷

শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰত আন্তৰ্জাতিক যোগ দিৱস পালন

মাজুলী, 21 জুন: আজি আন্তৰ্জাতিক যোগ দিৱস৷ সমগ্ৰ বিশ্ব আৰু ভাৰতৰ লগতে আজি মাজুলীতো উদযাপন কৰা হয় যোগ দিৱস৷ আজি যোগ দিৱস উপলক্ষে মাজুলীত মাটিৰ আখৰাৰ প্ৰদৰ্শন কৰে শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰৰ শিশু বৈষ্ণৱ সকলে৷ যোগশাস্ত্ৰত মাটিৰ আখৰাৰ প্ৰাসংগিকতা সম্পৰ্কেও ব্যাখ্যা কৰে সত্ৰৰ বৈষ্ণৱ গুৰুসকলে৷

মাটি আখৰা যি প্ৰকৃততে নৃত্যৰ ভিন ভিন মুদ্ৰা সন্নিবিষ্ট অংগ সঞ্চালনাৰ এক মাধ্যম আৰু অসমীয়া ভাষাত ‘মাটি-আখৰা’ৰ অৰ্থ হৈছে মাটিত কৰা ব্যায়াম৷ শাৰিৰীক গঠন, মানসিক প্ৰস্তুতি আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনেৰে উন্নীত হ’বলৈ ‘মাটি-আখৰা’ হৈছে প্ৰাথমিক ভেটি৷ এই মাটিৰ আখৰাৰ কিছুমান ভংগিমা যোগশাস্ত্ৰৰ ওপৰত আধাৰিত যিবোৰে শিকাৰুক শাৰীৰিক আৰু মানসিক শৃংখলা বজাই ৰখাত সহায় কৰে৷ সত্ৰীয়া নৃত্যশিক্ষা পদ্ধতিত অন্ততঃ ৬৪ টা ‘মাটি-আখৰা’ আছে, সেইবোৰক দুভাগত ভগোৱা হৈছে—বিশুদ্ধ ব্যায়াম আৰু মৌলিক নৃত্য। ই ব্যায়্যামসমূহৰ দুই- এটাৰ বাহিৰে সাধাৰণতে নৃত্যত ব্যবহাৰ কৰা নহয়।সত্ৰীয়া নৃত্যই সকলো বৈশিষ্ট্য তথা দেহভংগী, যেনে— প্ৰাথমিক দৈহিক স্থিতি, দেহভংগ, দৈহিক গতি, পদকৰ্ম, পদসঞ্চালন, বিভিন্ন জাঁপ, পাক, চলন, হস্তসঞ্চালন, শিৰভেদ, দৃষ্টিভেদ, আদি সকলো সামৰি লয়৷

এই মাটি আখৰা আজি আন্তৰ্জাতিক যোগ দিৱসৰ দিনা শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰ শিশু বৈষ্ণৱ সকলে প্ৰদৰ্শন কৰে৷ সত্ৰৰ চুৰা ঘৰত পুৱাৰ পৰা এই কঠিন মাটি আখৰা প্ৰদৰ্শন কৰা হয় আৰু লগতে এই যোগ দিৱস উপলক্ষে বিশ্ব বাসীক শুভেচ্ছা জ্ঞাপন কৰে সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননিগোপাল দেৱ গোস্বামীয়ে।

শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰত আন্তৰ্জাতিক যোগ দিৱস পালন ।
সত্ৰ বৈষ্ণৱ সকলৰ দ্বাৰা মাটি আখৰা’  প্ৰদৰ্শন।

আজি আন্তৰ্জাতিক যোগ দিৱস । সমগ্ৰ ৰাজ্য ৰ লগতে মাজুলীত  এই দিৱস উদযাপন কৰা হয় । মাটি আখৰা যি প্ৰকৃততে নৃত্যৰ ভিন ভিন মুদ্ৰা সন্নিবিষ্ট অংগসঞ্চালনাৰ কিছুমান ধৰণ । শৰীৰচৰ্চাৰ এই ভংগিমাসমূহক একত্ৰিত কৰাৰ পিছত ই হৈ পৰে একক নৃত্যশৈলী। অসমীয়া ভাষাত ‘মাটি-আখৰা’ৰ অৰ্থ হৈছে মাটিত কৰা ব্যায়াম । মাটি আখৰাত সন্নিবিষ্ট সকলো বুনিয়াদী অংগসঞ্চালনাৰ অনুশীলন। শাৰিৰীক গঠন, মানসিক প্ৰস্তুতি  আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনেৰে উন্নীত হ’বলৈ ‘মাটি-আখৰা’ হৈছে প্ৰাথমিক ভেটি। ‘মাটি –আখৰা’ৰ কিছুমান ভংগিমা যোগব্যায়াম (যোগশাস্ত্ৰ আধাৰিত)ৰ সৈতে মিল থকা, যিবোৰে শিকাৰুক শাৰীৰিক আৰু মানসিক শৃংখলা বজাই ৰখাত সহায় কৰে। সত্ৰীয়া নৃত্যশিক্ষা পদ্ধতিত অন্ততঃ ৬৪ টা ‘মাটি-আখৰা’ আছে, সেইবোৰক  দুভাগত ভগোৱা হৈছে—বিশুদ্ধ ব্যায়াম আৰু মৌলিক নৃত্য। বিশুদ্ধ ব্যায়ামসমূহ কিছুমান কচৰতৰ আধাৰত কৰোৱা হয়। এই ব্যায়্যামসমূহৰ দুই- এটাৰ বাহিৰে সাধাৰণতে নৃত্যত ব্যবহাৰ কৰা নহয়।সত্ৰীয়া নৃত্যৰ সকলো বৈশিষ্ট্য তথা দেহভংগী, যেনে— প্ৰাথমিক দৈহিক স্থিতি, দেহভংগ, দৈহিক গতি, পদকৰ্ম, পদসঞ্চালন, বিভিন্ন জাঁপ, পাক, চলন, হস্তসঞ্চালন, শিৰভেদ, দৃষ্টিভেদ, আদি সকলো সামৰি লয়। এই মাটি আখৰা আজি আন্তৰ্জাতিক যোগ দিৱসৰ দিনা প্ৰদৰ্শন কৰে শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰ শিশু বৈষ্ণৱ সকলে । সত্ৰৰ চুৰা ঘৰত পুৱাৰ পৰা এই কঠিন মাটি আখৰা প্রদৰ্শণ কৰা হয় আৰু লগতে  এই যোগ দিৱসৰ বিশ্ব বাসীক শুভেচ্ছা জ্ঞাপন কৰিছে সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননিগোপাল দেৱ গোস্বামীয়ে

Bite: সত্ৰাধিকাৰ প্ৰভু ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.